বুমলা আৰু য়াংজেৰ মাজত এল এ চিৰ সমীপত চীনৰ সেনা অনুপ্ৰৱেশৰ চেষ্টা ব্যর্থ কৰে ভাৰতীয় সেনাই

pc India TV News

 বুমলা আৰু য়াংজেৰ মাজত এল এ চিৰ সমীপত চীনৰ সেনা অনুপ্ৰৱেশৰ চেষ্টা ব্যর্থ কৰে ভাৰতীয় সেনাই

অনলাইন বাৰ্ত্তাসেৱা – চীনে অৰুণাচল প্ৰদেশখনক নিজৰ বুলি দাবী কৰি থকাই নহয়, সময়ে সময়ে অৰুণাচল প্ৰদেশৰ ভূমি বেদখলৰ প্ৰচেষ্টাও চলাই আহিছে। বুমলা আৰু য়াংজেৰ মাজত এল এ চিৰ সমীপত চীনৰ সেনা অনুপ্ৰৱেশৰ চেষ্টা ব্যর্থ কৰে ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ শক্তিশালী পদক্ষেপত চীনৰ একাংশ সেনা আঁতৰি যায়। আনপিনে কেইবাজনো চীনৰ সেনাক আটক কৰি ৰাখে। পিছলৈ আটকাধীন চীনা সেনাক স্থানীয় সামৰিক বাহিনীৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনামৰ্মে মুকলি কৰি দিয়ে।  পৰিস্থিতি এতিয়াও উত্তেজনাময় হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ আন্তর্জাতিক সীমা অতিক্ৰম কৰি দুই শতাধিক চীনা সেনাই ভাৰত ভূমিত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলায় যাদিও ভাৰতীয় সেনাই ব্যর্থ কৰে। তিব্বতৰ পৰা দুই শতাধিক চীনা সেনাই অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত অনুপ্ৰৱেশ কৰি দখলবিহীন বাংকাৰ ধ্বংস কৰাৰ পৰিকল্পনা কৰে যদিও উক্ত অঞ্চলত পহৰাৰত ভাৰতীয় সেনাই সেই অভিসন্ধি ব্যৰ্থ কৰাই নহয়, কেইবাজনো চীনা সেনাক আটক কৰে। ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাই আনুষ্ঠানিকভাৱে একো প্ৰকাশ কৰা নাই যদিও ঘটনাটো বিগত সপ্তাহত বুমলা পাছ আৰু য়াংজেৰ মাজত সংঘটিত হৈছে। ২০১৬ চনত দুই শতাধিক চীনা সেনাই য়াংজেৰ এল এ চিৰ ভিতৰলৈ সোমাই আহি দখল কৰাৰ চেষ্টা চলাইছিল যদিও কেইঘণ্টামানৰ পাছতেই উক্ত স্থান এৰি চীনা সেনা আঁতৰি গৈছিল।