বীৰাংগনা সাধনী শীৰ্ষক চলচ্চিত্ৰৰ মহুৰত অনুষ্ঠানত মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কাহিলীপাৰা জ্যেতি চিত্ৰবনত ‘বীৰাংগনা সাধনী’ চলচ্চিত্ৰৰ মহুৰত অনুষ্ঠান ৷ চুতীয়া উন্নয়ন পৰিষদৰ প্ৰয়োজনাত নিৰ্মাণ হব ‘বীৰাংগনা সাধনী’ ছৱি ৷ শনিবাৰে ছৱিখনৰ শুভ মহুৰত অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ লগত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰাংগনা সাধনী ছৱি শুভ মহুৰত কৰি সতী সাধনীক গভীৰ শ্ৰদ্ধাঞ্জলী জনাই ৷ অনুষ্ঠানতে চুতীয়া উন্নয়ণ পৰিষদৰ কামক আন্তৰিক শুভকামনা মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্য চৰকাৰৰ বাজেটত চুতীয়া জাতি উন্নয়ণ পৰিষদ ১২৫ কোটি টকা আগবঢ়োৱা হৈছিল ৷ ইয়াৰে ৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ হব ছৱিখন ৷ অহা ২৫ জুনৰ পৰা আৰম্ভ হব ছবিৰ কাম কাজ ৷ এই ছবিৰ জড়িযতে জাতীয় ইতিহাসৰ এক পৰিচয় দিবলৈ সক্ষম হব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সতী সাধনীৰ ৫ শ বছৰীয়া জন্ম জয়ন্তী উদযাপন সময়তে চুতীয়া উন্নয়ণ পৰিষদে লোৱা পদক্ষেপক আদৰণী মুখ্যমন্ত্ৰীগৰাকীৰ ৷