বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকী মহিলাৰ মৃত্যু

Pc Deccan Herald

বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকী মহিলাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ১৭ জুলাইত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত সংঘটিত হোৱা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা এগৰাকী মহিলাৰ আজি গুৱাহাটি চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। নিহত মহিলাগৰাকীৰ নাম ৰিংকী তিৱাৰী। ইফালে এই ঘটনাত আহত হোৱা ৰিংকী তিৱাৰীৰ ৬ বছৰীয়া কন্যা সন্তানটিও এতিয়াও জি এম চি এইছতে চিকিৎসাধীন হৈ আছে। মহিলাগৰাীৰ মৃত্যুৰ সন্দৰ্ভত জি এম চি এইছৰ অধ্যক্ষ ড০ অভিজিৎ শৰ্মাই কয়, ৰিংকী তিৱাৰী নামৰ ২৫ বছৰীয়া মহিলাগৰাকী ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ৬০ ৰ পৰা ৬৫ শতাংশ অগ্নিগদ্ধ অৱস্থাত আহিছিল। নিশা  ১২-৩০ বজাত তেওঁৰ মৃত্যু হৈছে। তেওঁ কয়,’কেমিকেল বাৰ্ন’ৰ ফলত হোৱা আঘাতৰ পাছত ৰোগীগৰাকী সুস্থিৰ হৈ আছে নে নাই সেই সন্দৰ্ভত ক’বলৈ বহু অসুবিধা হয়। মই এই মহিলাগৰাকীৰ আত্মীয়সকলকো কৈছিলোঁ যে মহিলাগৰাকী সুস্থিৰ হৈ আছে কিন্তু বিপদৰ পৰা মুক্ত নহয়। মঙ্গলবাৰে দিনটোত তেওঁক যিখিনি দৰৱ দিব লাগে সেইখিনি দিয়াৰ পিছত তেওঁ সুস্থিৰ হৈ আছিল যদিও নিশা অৱস্থা অধিক বেয়া হৈ পৰে আৰু সুস্থিৰ অৱস্থালৈ ঘূৰি নাহে। উল্লেখ্য যে, ১৭ জুলাইৰ বিয়লি প্ৰায় ৩ বজাত বিৰুবাৰী আৰক্ষী চকীৰ সমীপৰ হাউচ নং ৪৭ ৰ চৌহদত থকা এটা ব্যক্তিগত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত শিশুসহ মুঠ ৪ জন লোক গুৰুতৰ ভাৱে আহত হৈছিল।