বিৰুবাৰীত এনচিএছচিৰ নিয়োগ মেলা

বিৰুবাৰীত এনচিএছচিৰ নিয়োগ মেলা

ৰঙিলী বাৰ্ত্তাসেৱা- এনচিএছচি-ডিএ আৰু এনচিএছচিৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ সহযোগত মহানগৰীৰ বিৰুবাৰীস্থিত এনচিএছচিৰ প্ৰাংগণত এছচি,এছটি আৰু দিব্যাংগসকলৰ বাবে নিয়োগ মেলা অনুষ্ঠিত হয়৷এই নিয়োগ মেলাত ৭ টা কোম্পানীৰ ভিতৰত বিগ বাজাৰ,এছবিআই লাইফ,শুভম এন্টাৰপ্ৰাইজ,টেকনুৱেল,বিকুজী চাৰ্ভিচ,এডভাইটা ফাউন্দেশ্বন আদি৷কোম্পানীৰ ১১৬ টা খালী পদৰ ভিতৰত লাইক এক্সজুকুটিভ,এচি টেকনিচিয়ান,ডেভেলপমেন্ট মেনেজাৰ,এচিছটেন্ট মেনেজাৰ,হোম চেলচ অফিচাৰ,বিজনেজ ডেভেলপমেন্ট এক্সজুকুটিভ,হাউচ কিপিং৷এই কোম্পানীত নন মেট্ৰিকৰ পৰা গ্ৰেজুৱেটৰ লগতে আইটিআই উত্তীৰ্ণ প্ৰায় ২০০ জনে নিয়োগ মেলাত ভাগ লয়৷তাৰ ভিতৰত প্ৰায় ৬০ জনক বাচনি কৰা হয়৷উক্ত মেলাত নিয়োগ বিভাগৰ সহযোগী অধ্যক্ষ ৰাম কিশোৰ শৰ্মা,নিয়োগ বিষয়া ৰঞ্জন চক্ৰৱৰ্তী আদি কেইবাজনো বিষয়া উপস্হিত থাকে৷