বিয়াৰ প্ৰলোভনেৰে প্ৰেমৰ সম্পৰ্ক ৰাখি যুৱতীক বঞ্চনা কৰা প্ৰেমিক শিক্ষক গ্ৰেপ্তাৰ

Pc Northeast Now

বিয়াৰ প্ৰলোভনেৰে প্ৰেমৰ সম্পৰ্ক ৰাখি যুৱতীক বঞ্চনা কৰা প্ৰেমিক শিক্ষক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক বজাই ৰাখি এগৰাকী যুৱতীক প্ৰৱঞ্চনা কৰা নলবাৰী জিলাৰ শিক্ষক, সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ বেলশৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত কৈঠালকুছি চ’কৰ পৰা গ্ৰেপ্তাৰ কৰে শিক্ষক, সাংবাদিক তথা পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনক। উক্ত ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য, এগৰাকী যুৱতীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখি পৰৱৰ্তী সময়ত যুৱতী গৰাকীক প্ৰবঞ্চনা কৰা জিলাখনৰ চামতা বাছ আস্থান নিবাসী তথা কৈঠালকুছি মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰদীপ কুমাৰ বৰ্মনৰ বিৰুদ্ধে পহিলা নৱেম্বৰৰ দিনা যুৱতীগৰাকীয়ে স্থানীয় বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৭৬ ধাৰাৰ অধীনত ২২৫/২২ নম্বৰত এটি গোচৰ ৰুজু কৰে। পিছত আৰক্ষীয়ে নিৰ্যাতিতা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। যুৱতীগৰাকীয়ে কৰা অভিযোগ কৰা মতে, বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি প্ৰেম কৰি যুৱতী গৰাকীৰে সৈতে শাৰীৰিক সম্পৰ্ক বজাই ৰাখিছিল শিক্ষক-সাংবাদিকজনে। অভিযোগ মতে, বিগত প্ৰায় ডেৰ বছৰ ধৰি শিক্ষক বৰ্মনে যুৱতীগৰাকীৰ স’তে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল যদিও ২১ আগষ্টৰ পৰা সকলো সম্পৰ্ক ছেদ কৰাত উপায়হীন হৈ যুৱতী গৰাকীয়ে অৱশেষত ন্যায় বিচাৰি কিছুদিন পূৰ্বে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আৰু নলবাৰী জিলা সাংবাদিক সন্থাক সুকীয়া সুকীয়াকৈ পত্ৰ প্ৰেৰন কৰে। ইয়াৰ পিছতো কোনো পক্ষৰ পৰা সঁহাৰি লাভ নকৰাত ভুক্তভোগী যুৱতীগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ কাষ চাপে। এনে পৰিস্থিতিত যুৱতীগৰাকীয়ে স্থানীয় বেলশৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। সেই মৰ্মে, বেলশৰ আৰক্ষীয়ে আজি অভিযুক্ত প্ৰেমিক শিক্ষক, সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি নলবাৰী আদালতত হাজিৰ কৰাত আদালতে তেওঁক জিলা কাৰাগাৰলৈ প্ৰেৰন কৰে৷