বিহুৰ বিশ্ব অভিলেখ
বিশ্বৰ মজিয়াত বিহুক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে যি সংকল্প লৈছিল আয়োজনত সকলোৱে দেখুওৱাই দিলে এক ইতিহাসৰ সাক্ষী হিচাপে বিহুক আকৌ জাকত – জিলিকাই । ১৩ এপ্ৰিলৰ সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত সেই ঐতিহাসিক মুহূৰ্ত । ১১ সহস্ৰাধিক নাচনী , ঢুলীয়াই কঁপাই তুলিলে গুৱাহাটীৰ আকাশ বতাহ । এক ক’ব নোৱাৰা , বুজাব নোৱাৰা শিহৰণ জাগিল সকলোৰে দেহ – মনত । প্ৰায় এমাহ জোৰা প্ৰস্তুতিৰ অন্তত সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিহুৱে গঢ়িলে বিশ্ব ৰেকৰ্ড । প্ৰথমে ১১ সহস্ৰাধিক নাচনী , ঢুলীয়াই একেলগে বিহু নাচি বিশ্ব ৰেকৰ্ড গঢ়াৰ পিছতে একেলগে তিনিহাজাৰৰো অধিক ঢুলীয়াই ঢোল , তাল , পেঁপা আদি লোকবাদ্য বজাই একেটা স্থানতে গঢ়িলে দ্বিতীয়টো বিশ্ব অভিলেখ । এনেদৰে আজি অসম চৰকাৰৰ উদ্যোগত দুটাকৈ ৰেকৰ্ড গিনিজ বুকত অন্তৰ্ভুক্ত হ’ল ।
লখিমী শৰ্মা
যোৰহাট