বিষাদ – জয়শ্রী চৌধুৰী লহকৰ, ৰঙিয়া

PC-PREMIUMBEAT

বিষাদ “

(বৰ্তমান সময়ক লৈ লিখা মোৰ এটি কবিতা)

উভতি চাওঁ
ৰৈ যাওঁ
স্তব্ধ হওঁ
নিজৰ মাজতে
নিজক বিচাৰি চাওঁ ,
এন্ধাৰৰ মাজেৰে দিশহাৰা হৈ
জীৱনৰ পৃষ্ঠা লুটিয়াই বিছাৰো_ আঁউসীৰ জোনাক ,
কিজানিবা নকৈ সজাব পাৰো
অমাৱস্যাত ডুব যোৱা
হেপাহৰ ঘৰ ।
কিজানিবা দিঠকতে পাওঁ
দৰিদ্ৰতাই পঙ্গু কৰা সপোনৰ সুখ ।
উশাহবোৰ যে চুটি হৈ আহিছে _
মৃত্যুৰ উপত্যকা বগুৱাবাই
ক্লান্ত হোৱা শৰীৰে
পাৰিব জানো জ্বলাব
আইৰ আখলৰ জুই ।
বিষাদৰ চকুলোৰে
চিকুণোৱা পিৰালিত বাজি ৰয়
আপোনজনৰ আৰ্তনাদ ,
চকুৰে নমনা দূৰণিত
বিলীন হয়
বুকুৰ মঙহ
বুকুৱেদি বৈ যায়
মাথো এটি হুমুনিয়াহ ।
আশাবোৰ বাজি ৰয় _
সুদূৰত সুৰবিহীন গান হৈ
ৰৈ……….ৰৈ………….
এয়া যে সময় নহয়
উভতি চোৱাৰ ,
এয়া যে সময়
কেৱল সাহসী হোৱাৰ ।