বিষাক্ত সপোন – কাজি শ্বাহাদত ইছলাম 

PC - Pexels

বিষাক্ত সপোন

কাজি শ্বাহাদত ইছলাম 
জনিয়া, বৰপেটা 

“মা… মা…অ’ মা….”
ঢল পুৱাতে বাথৰুমৰ পৰা ছোৱালীজনী চিঞৰি উঠাত মানুহজনী চক খাই উঠি বাথৰুমৰ ফালে দৌৰি গ’ল । ভয়ত অণ্ঠ-কণ্ঠ শুকাই যোৱা ছোৱালীজনীৰ মুখৰ ফালে চাই মানুহজনীও অবাক হৈ পৰিল । ছোৱালীজনীৰ হাতত কলগেট আৰু ব্ৰাছটো কমোডৰ তলত পৰি আছে । গোটেইটো বাথৰুমত ৰঙীন পানী । যেন ৰক্তেৰে ৰঞ্জিত হৈ আছে । মাকক ওচৰত পাই নিৰাপত্তাৰ কাৰণে সাৱটি ধৰিব খোজাত দুয়ো পিছলি পৰি গ’ল । লগে লগে বাথৰুমৰ দেৱালত পানীবোৰ চিটিকি পৰিল । ক্ষণিকতে এনেকুৱা লাগিল যে বাথৰুমৰ বগা দেৱাখনত যেন কোনোবা পাগল পেইন্টাৰে তুলিকাৰ সহায়ত বিশৃংখল ছবি হে আঁকি থৈছে । গিজাৰৰ পৰা পানীবোৰ বৰষুণ হৈ এতিয়াও পৰি আছে । ঘটনাৰ আতিগুৰি ধৰিব নোৱাৰি দুয়ো “বচাওক” “বচাওক” বুলি চিঞৰিব ধৰিলে । সিহঁতৰ চিঞৰ বাখৰ যদিও বথৰুমৰ পৰা বাহিৰলৈ কমকৈ যায় তথাপি লগৰ ৰুমৰ পৰা বুজা যায় যে ৰুমটোত কিবা এটা হৈছে । দৌৰা-দৌৰিকৈ মানুহবোৰ সিহঁতৰ ৰুমৰ তলা ভাঙি ভিতৰলৈ সোমাই আহি মাক-জীয়েক আৰু বাথৰুমৰ পৰিস্থিতি দেখা পাই হতভম্ভ হৈ পৰিল । এজনে গৈ গিজাৰটো বন্ধ কৰি দিলে আৰু দুজনীমান মহিলাই সিহঁতক ধৰি মেলি বাথৰুমৰ পৰা উদ্ধাৰ কৰিলে । কিন্তু টেপৰ পৰা ৰঙা পানী ওলোৱাৰ ৰহস্যটো কাৰোৰে বুজত নাহিল । ভিৰৰ মাজৰ পৰা এজনে কৈ উঠিল যে বিল্ডিংটোৰ চবৰে ৰুমৰ টেপৰ খুলি যাতে চায় । তৎক্ষণাৎ সকলোৰে ৰুমৰ টেপবোৰ খোলাত দেখা পালে সকলোতে একেই অৱস্থা । পানীৰ টেপৰ পৰা পানীৰ সলনি ৰঙা পানী অহাটো কেনেকৈ সম্ভৱ ! ঘটনাৰ তদন্ত কৰিবলৈ মানুহবোৰে ভাগ ভাগ হৈ গোটেইটো বিল্ডিঙত বিস্তাৰিত হৈ পৰিলে । দুই-চাৰিজনে চাদত থকা পানীৰ টেংকিটোলৈ ঢাপলি মেলিলে । নিয়ৰে পিছল কৰা চিৰিবোৰ সাৱধানে বগাই দুজনমানে গৈ পানীৰ টেংকি পাই চিঞৰি উঠিল ।জাকে জাকে তলৰ পৰা মানুহবোৰে গৈ চাদ পালে । পানীৰ টেংকিৰ ভিতৰটো একেবাৰে ৰক্তাক্ত লগতে ভিতৰত যেন মৃতদেহ দেখা গৈছে। হালধীয়া কুৰ্তা যেন কিবা দেখা পাই সিহঁতে ধাৰণা কৰিলে যে টেংকিৰ ভিতৰত কোনোবা ছোৱালীৰ মৃতদেহ আছে ।  আইন উলংঘা হ’ব বুলি কোনেও তাত হাত নলগাই চিধাই পুলিচক খবৰ কৰিলে । কিছু সময়ৰ ভিতৰতেই পুলিচ উপস্থিত হৈ টেংকিৰ পৰা মৃতদেহটো উলিয়াই আনিবলৈ চেষ্টা কৰিলে । কিন্তু আচৰিত কথাটো হ’ল মৃতদেহটো কেইবাটাও টুকুৰাত বিভাজিত হৈ আছে । গতিকে তাৰ প্ৰকৃত পৰিচয় বিচাৰি উলিওৱাটো পুলিচৰ বাবে ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিল । হত্যাকাৰীক ধৰিবলৈ প্ৰথম পদক্ষেপ হিচাপে ততাতৈয়াকৈ মৃতদেহটোক পোষ্টমৰ্টেমৰ বাবে পঠিয়াই দিলে ।

কংলংপাৰ এক্সপ্ৰেছ আৰু তাৰ পেচেঞ্জাৰবোৰ বৰ আচৰিত ধৰণৰ । কেতিয়াবা নিৰ্দ্ধাৰিত সময়ত ষ্টেচন পায় আকৌ কেতিয়াবা এক-ডেৰ ঘন্টালৈকেও কোনো খবৰ নাথাকে । আৰু তাৰ পেচেঞ্জাৰ , কেতিয়াবা ট্ৰেইনত নাটে আকৌ কেতিয়াবা চিটবোৰ অনাথৰ দৰে ট্ৰেইনৰ গাত যেন  লাগি থাকে । আজি অৱশ্যে ট্ৰেইনখনে নিজৰ প্ৰতিজ্ঞা খৰ্ব কৰা নাই । নিৰ্ধাৰিত সময়তেই জাগিৰোড ষ্টেচন পাই কাণ ফলা শব্দৰে চৌদিশ উত্তেজিত কৰি তুলিছে । প্ৰতিবাৰৰ দৰে এইবাৰো চিট নোপোৱাৰ ভয়ত ৰাগিলে দৌৰা-দৌৰিকৈ প্লেটফৰ্মত সোমাই টিকেটৰ বাবে শাৰী পাতিছে । শাৰী মানে তিনিজনীয়া শাৰী । টিকট মাষ্টাৰৰ পৰা টিকটটো লৈ ট্ৰেইনত উঠি চৌদিশে চকু ফুৰালে । গোটেইটো ডবাত মাত্ৰ পাঁচজন মানুহ । অধিক মাছত বগলী কণাৰ দৰে কোনটো থৈ কোনটো চিটত বহিব অংক মিলাব পৰা নাই তেওঁ । অৱশেষত টয়লেটৰ পৰা বহু দূৰৈৰ খিৰিকীৰ কাষৰ চিট এটাত বহি জোতাযোৰ খুলি ভৰি দুখন সন্মুখৰ চিটটোলৈ মেলি দি বাহিৰৰ দৃশ্য উপভোগ কৰিব ধৰিলে । ম’বাইল মেনিয়া মানুহজন আজি ম’বাইলত বেছি হাত দিয়া নাই কাৰণ ম’বাইলত চাৰ্জ ক’ম । তেওঁ বহা ডবাটোৰ চাৰ্জিং পইন্ট কেইটাও বেয়া । হঠাত তেওঁৰ চকুদুটা খিৰিকীৰ কাষতে লাগি থকা গোলপীয়া প’ষ্টাৰখনৰ ফালে গ’ল । প’ষ্টাৰ খনত লিখা আছে “কোম্পানী মে লড়কে এবং লড়কীয়’ কী ভৰ্তি ।  হাথৌ হাথ জইনিং লেটৰ প্ৰাপ্ত কৰে । যোগ্যতা আনপড় ছে গ্ৰেজুৱেট তক ।” তৎক্ষণাৎ তেওঁৰ কালনলৈ মনত পৰিল আৰু পকেটৰ পৰা ম’বাইল উলিয়াই ফটো একপি তুলি তাইৰ হুৱাটছাপলৈ পঠাই দিলে ।

ৰাগিল আৰু কালন দুয়ো ফেচবুক ফ্ৰেইণ্ড । ফেচবুক ফ্ৰেইণ্ড বুলিলে আজিকালি মানুহে তেনে বন্ধুত্বৰ প্ৰতি কেৰা দৃষ্টিৰে চায় যদিও এই দুজনৰ বন্ধুত্বৰ গভীৰতা অনেক । আজিলৈ কোনেও কাকো লগ পোৱা নাই , অচিৰেই লগ ধৰিব বুলি কত দিনৰ যে চেষ্টা দুয়োৰে । কিন্তু চেষ্টাৰ পৰিধি কেতিয়ালৈ পাৰ হ’ব ঠিক নাই । ৰাগিল কিম্বা কালন সিহঁতৰ প্ৰকৃত নাম নহয় । দুয়োৰে লিখিত নাম বৰ ধুনীয়া । এদিনাখন দুয়ো কথা পাতোঁতে ধেমালিতে ৰাগিলে নিজৰ সৰু কালত মতা নামটো কৈ পেলাইছিল তাকে দেখি কালনেও কৈছিল নিজৰ সৰুকলীয়া নামটো । অৱশ্যে নামবোৰ সিহঁতক ব্যংগ কৰি হে থৈছিল সৰুতে । গতিকে প্ৰাপ্তবয়স্ক হোৱালৈ সেই নামেৰে তেওঁলোকক মাতিলে খঙতে অগ্নি শৰ্মা হৈ পৰিছিল যদিও আজিকালি দুয়ো দুয়োকে সেই নামেৰে মাতে বুলি বিশ্ৰী নাম দুটা ভাল লগা হৈ পৰিছে ।

ৰাগিল পাঁচ বছৰৰ পৰা গুৱাহাটীতে থাকে । আই. এছ. বি. টি. বাছ আস্থানত সৰু এখন পাণৰ দোকান । বহুবাৰ ঘৰৰ পৰা চাপ দিয়াতো আজি লৈ বিয়াৰ বাবে মান্তি হোৱা নাই । তিনিবছৰীয়া বন্ধুত্বত কালনেও কেইবাবাৰো তাইৰ কেইবাজনী বান্ধৱীৰ কথা কৈছে কিন্তু তেওঁৰ হেনো পচন্দই নহয় । কালনৰ পৰিয়াল খুবেই দুখীয়া । গাঁৱৰ চাৰিআলি এটাত চাহৰ দোকান কৰি তিনিজনীয়া পৰিয়ালটো কোনোমতে পালন কৰে দেউতাকে । দেউতাকৰ যথেষ্ট ত্যাগ আৰু কষ্টৰ বিনিময়ত তাই এইবাৰ এম. এ. পাছ কৰিছে। দেউতাকৰ কষ্ট দেখি সহিব নোৱাৰি তাই মাজে মাজে ৰাগিলক প্ৰাইভেট জব এটা মিলাই দিবলৈ তাগাদা দি থাকে । নিজৰ পৰিয়ালৰ দুখ-দুৰ্দশাৰ কথা কৈ কৈ বহু বাৰ   ৰাগিলৰ আগত চকুলো টুকিছে তাই । ৰাগিলেও আশ্বাস দি থৈছে যেনেকৈয়ে হওক এটা কামৰ ব্যৱস্থা কৰি দিব তাইক । আজি ট্ৰেইনত প’ষ্টাৰখন দেখা মাত্রই ফটো তুলি তাইলৈ পঠাই দি বহুত সুখ অনুভৱ কৰিলে তেওঁ । কিবা কৰি ক’ৰবাৰ পৰা এটা কামৰ ব্যৱস্থা হ’লে তাই অন্ততঃ নিজৰ খৰচৰ বাবে মাক-দেউতাকৰ ওচৰত হাত পাতিব নালাগিব ।

-দৌস্ত , সিদিনা কিবা এটা কৈছিলোঁ যে মনত আছে নে ?

– ওঁ আছে তো । কিয় ?

– ৰেডি থাকিবি । আৰু ৰাতিলৈ এবাৰ আহিবি কথা আছে ।

–  আচ্ছা … ।  মানে কথা সেইটো হে ?

– ওঁম… হাঃ হাঃ হাঃ

– তই কম চিয়ানা নহয় বে !

– আহিবি কিন্তু ।

-অক্কে ।

(এয়া গুৱাহাটীত থকা বন্ধুসকলৰ লগত ৰাগিলৰ বাৰ্তালাপ।)

সময় আবেলি ৪ মান বাজিছে । ২ ঘন্টা মান আগতে ৰাগিলে গুৱাহাটী আহি পাইছে । ঘৰত যোৱাৰ বাবে এইকেইদিন দোকানখন বন্ধ থকাত পকেট শূন্য । যিকেইটা টকা লৈ গৈছিল ঘৰতেই শেষ । গ-পা ধুই দোকানলৈ আহিলে । দোকানৰ চৌদিশে আৱৰ্জনাতে ভৰ্তি হৈ আছে । বেৰৰ কেইবাঠাইত পাণৰ পিক । চিঁইই.. ! গুৱাহাটীৰ মানুহবোৰ কেতিয়া যে মডাৰ্ণ হ’ব । লাহে-ধীৰে চৌকাষ চাফা কৰি টিনপাতৰ দৰ্জা দুখন খুলি দোকানলৈ সোমাইছে মাত্ৰ । পঁইতাচোৰাৰ গোন্ধত অস্থিৰ পৰিৱেশ । প্ৰায় এসপ্তাহৰ অন্তত আজি দোকানটো খুলিছে তেওঁ । কাষ্টমাৰ খুবেই কম । বহু সময় ম’বাইল চোৱা হোৱা নাই । ধূপ-ধুনা লগাই ম’বাইল খুলি নোটিফিকেচনত কালনে দিয়া‌ মেচেজ দেখা পাই হুৱাটছাপৰ ভিতৰত সোমাই গ’ল ।

-থেংক ইউ ফৰ দিজ হেল্পিং ।

– নাই ইয়াতে থেংক ইউৰ কি আছে ? মোৰ ফ্ৰেইণ্ড নহয় জানো তুমি ?

– ওঁ ।

– বাপৰে ইমান দেৰিকৈ ৰিপলাই দিলা যে ?

– আই এম ছু চৰি ডিয়াৰ । ঘৰত আলহী আহিছিল । ছু , ম’বাইল চাব পৰা নাছিলোঁ ।

– অকে । আচ্ছা তাতে থকা নাম্বাৰটোত কল কৰিবা আৰু ৰিজাল্ট কি হয় মোক ক’বা  ঠিক আছে ?

– ওঁ ঠিক আছে । কিন্তু ভয় লাগি আছে অলপ ।

– ধেইৎ পাগলী । মই আছোঁ নহয় । আৰু জব হ’লে গুৱাহাটীতেই হ’ব কিজানি ।

– তোমাৰ সাহসেই মোৰ সম্বল জানা ?

– এতিয়া ৰাখিছোঁ বাই ।

– বাই ।

তাই মাক দেউতাকক এৰি দূৰৈত যাব বিচৰা নাছিল কেতিয়াও  আৰু বিয়াৰ পাছতো গিৰিয়েকক নিজৰ ঘৰতেই ৰখাৰ সপোন । কিন্তু নিয়তিয়ে জানো মানুহৰ কথাত চলে । যিকি নহওক কিবা এটা কাম পালে দেউতাকক সকাহ দিয়াৰ বাহিৰেও মনৰ পুৰণি ঘাঁবোৰো পাহৰি থাকিব পাৰিব । ঘাঁবোৰে তাইক প্ৰতি ৰাতি খুলি খুলি খায় । লগৰবোৰ শতবাৰ মানা কৰা সত্বেও ফেচবুকৰ চিনাকি মানুহ এজনৰ লগত সম্পৰ্ক কৰাটো তাইৰ মুঠেও ঠিক হোৱা নাছিল । কেৱল প্ৰেম কৰাই নে ? কত কি যে কৰিছিল তাই ল’ৰাটোৰ কাৰণে । এটকা দুটকাকৈ জমা কৰা ত্ৰিছ হাজাৰ টকা কেৱল এবাৰ বিপদৰ কথা কওঁতেই দি দিছিল তেওঁক । পাছলৈ গম পাইছিল টকাবোৰ ড্ৰাগছ সেৱনৰ নামত উৰাই জিছে বুলি । তাই নিজকে বহু ধিক্কাৰ দিয়ে কাৰণ তাইৰ দৰে শিক্ষিত তথা ধাৰ্মীক ছোৱালী এজনীয়ে  ড্ৰাগছ আসক্ত মানুহ এজনৰ লগত কেৱল ভালপোৱাৰ সম্পৰ্কই নহয় বৰঞ্চ একাধিকবাৰ শাৰিৰীক সম্পৰ্কও কৰিছে । ইতিমধ্যে নিজৰ অতীতক সুঁৱৰি কেইবাবাৰো আত্মহত্যা কৰাৰ পৰিকল্পনা কৰি ব্যৰ্থও হৈছে । কেৱল মাক দেউতাকৰ মুখৰ ফালে চাই কৰিব পৰা নাই । আজিকালি মানুহ নামৰ দুঠেঙীয়া প্ৰাণীবোৰৰ প্ৰতি তাইৰ বিশ্বাস নাইকীয়া হৈ পৰিছে । কিন্তু ৰাগিলৰ দৰে ভাল মনৰ মানুহৰ কাৰণে হে তাই অলপ-চলপ হাঁহিব পাৰে । অৱশ্যে তাই কেতিয়াবা  ভাবে পৃথিৱীত যদি শতভাগ বেয়া মানুহ থাকিলেহেঁতেন নিশ্চয় পৃথিৱীখনৰ মৃত্যু হৈ গ’লেহেঁতেন কিন্তু ৰাগিলৰ দৰে দুই চাৰিটা ভাল মানুহৰ কাৰণেই পৃথিৱীখনে উশাহ ল’ব পাৰিছে ।

ৰাতিটো টোপনি হোৱা নাই । তাই পুৱা দহমান বজাত কল কৰিব বুলি থিৰাং কৰিলে । দহ বজাৰ আগতে ঘৰ সাৰি লেতেৰা কাপোৰ-কানি কেইটা ধুই প্ৰস্তুত হ’ল । দহ বাজিল । কল কৰিবলৈ ভয় লাগি আছে । কেনেকুৱা মানুহে বা কল ৰিচিভ কৰিব , কি বা সুধিব , জব হ’ব নে নাই ইত্যাদি ইত্যাদি চিন্তা তাইৰ মূৰত । যি হয় হ’ব । কাৰণ তাই নিৰুপায় । জব এটা যেনি তেনি লাগিবই । অৱশেষত তাই প’ষ্টাৰত থকা নাম্বাৰটোত কল লগালে ।

– হে’লো চাৰ নমস্কাৰ ।

– নমস্কাৰ । কোনে কৈছে ক’ৰ পৰা কৈছে ?

– মই তামান্না ইয়াছমিনে কৈছোঁ শিৱসাগৰৰ পৰা ।

– হয় কওক।

– আচলতে ট্ৰেইনত আপোনালোকৰ বিজ্ঞাপন এখন পাইছিলোঁ ।

– আচ্ছা । আপুনি আপোনাৰ বায়োডাটা আৰু ডকুমেন্টছ সহ আমাৰ অফিচলৈ আহি যাব তাতে ইন্টাৰভিউ লোৱা হ’ব ।

– ঠিক আছে ছাৰ । থেংক ইউ ।

জবৰ কাৰণে কাৰোবাৰ লগত যোগাযোগ কৰা এয়াই তাইৰ প্ৰথম অভিজ্ঞতা । তথাপি অফিচাৰজনৰ লগত কথা পাতি তাই সন্তুষ্ট নহ’ল । তাই নাটক চিনেমাবোৰত চাই থাকে অফিচাৰ কেনে ধৰণৰ হয় আৰু তেওঁলোকৰ কথা-বতৰাৰ ধৰণো জানে । কিন্তু তাই যোগাযোগ কৰা অফিচাৰ জনৰ বচন ভংগী সাধাৰণ । হ’ব পাৰে অফিচাৰজন নতুনকৈ জইন হৈছে । মাক-দেউতাকক এই সমন্ধে জনোৱাত ৰাজি নহ’ল যদিও বুজাই পৰাই সৈমান কৰালে । কালি গুৱাহাটীলৈ যাব বুলি থিৰাং কৰিলে । ৰাতিয়েই ৰাগিলৰ পৰা অফিচৰ লোকেচন , ক’ত নামিব , ক’ৰ পৰা কোনফালে যাব সম্পূৰ্ণ বিৱৰণ ল’লে লগতে গুৱাহাটীলৈ যোৱাৰে পৰা ঘূৰি অহালৈ গোটেইখিনি সময়ত তাইৰ লগত থাকিব লাগিব বুলি প্ৰতিজ্ঞা ল’লে । ৰাগিলে আৰম্ভণিতে অলপ আপত্তি কৰিলে যদিও শেষত মান্তি হ’ল ।

পল্টন বজাৰ ষ্টেচনৰ গেইটৰ মুখত ৰাগিলে কালনৰ অপেক্ষাত বহু সময় ধৰি ৰৈ আছে । বাৰে বাৰে ঘড়ীটোলৈ চাইছে । ট্ৰেইনখন ষ্টেচন আহি পোৱাৰ সময় পাৰ হৈছে বহু আগতেই কিন্তু কালনৰ খবৰ নাই । কল কৰিলে নট ৰিচেব’ল বুলি কয় । ধৈৰ্যৰ সীমা অতিক্ৰম কৰি গুচি যাবলৈ থিৰাং কৰিলে । তেতিয়াই পাছফালৰ পৰা ছোৱালীৰ কণ্ঠ শুনা পাই ঘূৰি চালে । মুখত মাস্ক আৰু পিঠিত কম্পিউটাৰ বেগ লৈ তেওঁৰ পাছফালে হালধীয়া কুৰ্তা পৰিহিতা ধুনীয়া ছোৱালী এজনী ।

– ওৱাও , একেবাৰে ছবিত দেখাৰ দৰেই দেখোন তুমি ।

– মিছ কালন ?

– হয় আকৌ !

– আৰে মাস্ক খোৱা আক’ ।

– এইতো খুলিলোঁ , বিশ্বাস হ’ল নে ?

বাপৰে ইমান ধুনীয়া চেহেৰা । কথাটো ভাবিয়েই তেওঁ আচৰিত পাই আছে । তাই ফেচবুকত সদায় ইমুজিৰে নাক মুখ ঢকা ছবি হে প’ষ্ট কৰে গতিকে আজিলৈ স্পষ্ট তথা সম্পূৰ্ণ ছবি দেখা নাছিল তেওঁ । তেওঁ ভবাতকৈয়ো অশেষ ধুনীয়া ছোৱালীজনীক ওচৰত পাই যেন চকুযুৰিক বিশ্বাস কৰিব পৰা নাই । “ইমান ধুনীয়া ছোৱালীজনীৰো কিবা অভাৱ থাকিব পাৰে নে ?” – তেওঁ মনে মনে ভাবিলে । যিয়েই নহওক তাইক পাই ৰাগিলৰ মনটো সাতখন আঠখন লাগিব ধৰিলে ।

– কি ভাবি আছা অ’ ? নোযোৱা নেকি? সময় কম ।

– অ’ হয় হয় । ব’লা ব’লা ।

– অফিচটো কিমান দূৰ নো ?

– ঠিকনা মতে বিছ মিনিটমান লাগিব । কিন্তু ব’লা কিবা এটা খাই লওঁ আগতে ।

– নাই নাই । আগতে ইন্টাৰভিউ পাছত বাকী চব । আৰু তোমাৰ কাৰণে চাৰপ্ৰাইজ আছে ।

– চাৰপ্ৰাইজ ?

– ওঁ ।

– কি চাৰপ্ৰাইজ কোৱা না ।

– ধেইৎ ! চাৰপ্ৰাইজ আগতীয়াকৈ কোৱা বস্তু নেকি ?

তাইক বাইকত বহুৱাই গুৱাহাটীৰ গাড়ী মটৰৰ ভিৰ ফালি গৈ থাকিল তেওঁ । আৰু মনে মনে কত কি যে ভাবিব ধৰিলে । তাই কৈছিল তাইৰ ল’ৰা এটাৰ লগতে হেনো সম্পৰ্ক আছিল কিন্তু ব্ৰেকাপ হৈ গ’ল । ইমান ধুনীয়া ছোৱালীক কোনোবাই কেনেকৈ ব্ৰেকাপ কৰিব পাৰে নো আচৰিত । ভিৰৰ বেচিজিল যান-বাহনৰ কাৰণে ঘনে ঘনে ব্ৰেক মাৰিবলগীয়া হোৱাত তাইৰ উষ্ণ বুকুখনে  ৰাগিলৰ পিঠিত বাৰে বাৰে খুন্দা মাৰিব ধৰিলে । তাই নৰম বক্ষযুগলৰ স্পৰ্শত তেওঁ নিজৰ মাজতে বিভোৰ হৈ পৰিল । কেতিয়াবা তাৰ দীঘল চুলিবোৰ বতাহত উৰি উৰি তেওঁৰ নাকৰ আগ পায়হি । ইছ্ কি যে অপূৰ্ব সুবাস । জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ এনেধৰণৰ আমেজ উপভোগ কৰি আছে । তেওঁৰ বিমোহিত মনে ৰাস্তাটো শেষ নোহোৱাৰ কামনা কৰিব ধৰিলে ।

– ঐ ৰ’বা ৰ’বা । লোকেচন হিচাপত আমি পালোঁ বোথহয় অফিচটো ।

– অ’ হয় দেখোন । নামি দিয়া ।

– তুমি কিন্তু মোৰ লগতে ভিতৰত যাব লাগিব ।

– নাই নাই , মই বাহিৰা মানুহ আৰু মোক জানো সোমাবলৈ দিব ।

– নিদিলে ময়ো নোসোমাও ।

– পাগল হৈছা নেকি ?

– মই একো নাজানো । তুমি মোৰ লগত থাকিবা বচ্ কথা ইমানখিনিয়েই ।

– হ’ব হ’ব যোৱা । ফৰ্থ ফ্ল’ৰ নহয় জানো ?

– হয় আৰু ৰুম নং থাৰ্টি বুলি আছে ।

– লিফ্টত যাবা নেকি ?

– নেলাগে বাবা । মই খটখটিৰেই উঠিম ।

– বুৰ্বক !

– বুৰ্বকেই ভাল । ঐ এটা কথা ।

– কি নো ?

– অফিচ এনেকুৱা ঠাইত থাকে নেকি ?

– নু আইডিয়া ।

– মোৰ কিন্তু অফিচ অফিচ লগা নাই ।

– গৈ চাওঁ কি হয় । নে কি কোৱা ?

– ওঁ ।

মূল পথৰ পৰা ভিতৰৰ নিৰৱিচ্ছিন্ন এখন ঠাই য’ৰ ওচৰে পাজৰে দুই এটা বিল্ডিং আৰু খালী প্লট বহুতো । তেনেকুৱা এখন ঠাইত অফিচখন থকা বুলি কালনে কথাটো ভালদৰে মানি ল’ব পৰা নাই । কিন্তু ৰাগিল লগতে থকাত তাই নিৰ্ভয়ে ওপৰৰ মহলালৈ খটখটিৰে উঠি যাব ধৰিলে । ভোকাতুৰ পেটটো লৈ খটখটি বগোৱা কি যে কষ্টদায়ক । অৱশ্যে তাইৰ পিঠিৰ বেগ আৰু ভেনিটি বেগ ৰাগিলেই বহন কৰি আছে । অৱশেষত চতুৰ্থ মহলাত উঠি ৩০ নং ৰুমটো বিচাৰি উলিয়াই কলিং বেলটো বজাই দিলে । ৩০ বছৰীয়া যুৱক এজনে দুৱাৰ খন খুলি দিলে ।

– আপুনি তামান্না ইয়াছমিন হয় নে ?

– হয় দাদা ।

– আহক , সোমাই আহক ।

প্ৰৱেশৰ অনুমতি পাই তাই যুৱকজনৰ মুখলৈ কাতৰভাৱে চালে । যেন কিবা এটা বুজাব বিচাৰিছে কিন্তু মুখ খুলি প্ৰকাশ হে কৰিব পৰা নাই । যুৱকজনে বুজি পালে যে লগৰজনক অৰ্থাৎ ৰাগিলকো ভিতৰলৈ সুমুৱাব বিচাৰিছে । গতিকে তাইক চকুৰ ইংগিতেৰে তেওঁকো ভিতৰলৈ লৈ আহিব দিলে । তাইৰ কঁপি থকা বুকুখন অলপ হ’লেও শান্ত হ’ল । এখন টেবুল । সেইফালে এখন আৰু এইফালে দুখন চকী । তাই অমনযোগিতাৰে চকীখনত বহি ৰাগিলোকো বহিবলৈ ইংগিত দিলে । দুয়ো চাৰিওফালে এবাৰ চকু ফুৰালে । কিন্তু ৰুমটো কোনোপধ্যেই অফিচ অফিচ লগা নাই বৰঞ্চ থকা ৰুম হে যেন লাগিছে । তাই নিজৰ ডকুমেন্টছ খিনি আগবঢ়াই দিলে । কিন্তু অফিচাৰ দুজনে সেইবোৰৰ প্ৰতি গুৰুত্ব বাদ দি এজনে আনজনৰ মুখ চোৱা চোৱি কৰিব ধৰিলে । এনেও যুৱক দুজনক অফিচাৰ যেন লগা নাই‌ । আচলতে কি‌‌ হ’বলৈ গৈ আছে নো ? সিহঁতে কোনো চক্ৰবেহুত আটক হোৱা নাই তো !

– ছাৰ মোৰ ডকুমেন্টছখিনি চাওক ।

– হ’ব দিয়ক চাব নেলাগে । আপোনাৰ চাকৰি হৈ যাব ।

– ইন্টাৰভিউ নোলোৱাকৈ কেনেকৈ সম্ভৱ চাৰ ?

– চব আমাৰ কথা । কিন্তু এটা কণ্ডিচন আছে ।

– সেয়া ?

– চাওক আজিকালি সকলোতে বিনিময় প্ৰথা চলে সেয়া আপুনিও নজনা নহয় ।

– মানে কি ক’ব বিচাৰিছে ? মোৰ ওচৰত টকা পইচা নাই আৰু থাকিলেও নিদিও । মোৰ মেধাৰ বলত হে চাকৰি ল’ম মই ।

– আমি টকা-পইচাৰ কথা ক’তনো ক’লোঁ ?

– তেন্তে কিহৰ বিনিময়ৰ কথা কৈ আছে ?

– চাওক মেডাম , ইমান ঘূৰাই পঁকাই কথা কোৱা বা শুনাটো আমাৰ পচন্দ নহয় গতিকে চিধা কথাত আহোঁ ।

– নালাগে মই গুচি যাম । চাকৰি নকৰোঁ মই । ৰাগিল ব’লা আমি যাওগৈ ।

– হাঃ হাঃ হাঃ …

তেওঁলোক দুজনৰ হাঁহি চাই তাই ভীষণ আতংকত ডুব গ’ল । মানুহ দুজনৰ সন্দিহান আচৰণত তাই সম্পূৰ্ণৰূপে বুজি পেলালে সিহঁত দুজন ইতিমধ্যে যুৱক দুজনৰ জালত আৱদ্ধ হৈ পৰিছে । ভয়তে তাই ৰাগিলক জোৰকৈ সাৱটি ধৰিলে ।

– আই এম ছৰি কালন ।

– ব’লা আমি গুচি যাওঁ । সিহঁতে আমাৰ লগত চক্ৰান্ত আৰম্ভ কৰিছে ।

– ক’ত যাবা নো ?

কথাটো কৈ ৰাগিলে অট্টহাঁহি মাৰিলে । ৰাগিলৰ কণ্ঠত কণ্ঠ মিলাই দুয়ো হাঁহিবলৈ ধৰিলে । তাই আশ্চৰ্য হৈ ৰাগিলৰ চকুৰ ফালে চালে । তেওঁৰ চকু দুটাত বন্ধুত্বৰ সেই ভালপোৱা নাই বৰং সেয়া লোলুপ দৃষ্টিত পৰিৱৰ্তন হৈ পৰিছে । হঠাৎ ৰাগিলৰ কি হ’ল । ইমান দিনৰ চিনাকি ল’ৰাটো এনেকুৱাতো হ’ব নালাগিছিল । তাই সকলো বুজি পালে । তাই এয়াও বুজি পালে অচিৰেই আপোন মানুহৰ চক্ৰান্তৰ বলি হ’বলৈ গৈ আছে তাই । কিন্তু নিজকে কেনেকৈ ৰক্ষা কৰিব ? নাই তাই পলাবই লাগিব । চকু বন্ধ কৰি দুৱাৰৰ ফালে দৌৰ মাৰিলে । কিন্তু পিছফালৰ পৰা তিনিওজনে ভোকাতুৰ পশুৰ দৰে তাইৰ ওপৰত জপিয়াই পৰিলে । তাই চিঞৰি উঠাত তাইৰ মুখত গামোচা সুমুৱাই দিয়া হ’ল । প্লাষ্টিকৰ তাঁৰেৰে তাইৰ হাত ভৰি বান্ধি বিছনাত শোৱাই দিলে আৰু একে একে তাইৰ কুমাৰীত্ব হৰণ কৰি নিজৰ পাপিষ্ঠ আত্মাক শান্ত কৰিলে । তিনিওৰে যৌন উৎপীড়ন সহ্য কৰিব নোৱাৰি তাই অজ্ঞান হৈ পৰি ৰ’ল । তেওঁলোকে ভালকৈ জানে যে তাই কিবাকৈ সিহঁতে পতা জালৰ পৰা মুক্ত হ’ব পাৰিলে সিহঁতৰ ফাঁচী বাহিৰে কোনো ৰাস্তা নাই । গতিকে সিহঁতে তাইৰ ডিঙি চেপি ধৰিলে । তাইৰ হাত-ভৰি চটফটাব ধৰিলে । কিছু সময় পাছত তাইৰ শৰীৰটো নিথৰ হৈ পৰিলে । এতিয়া সিহঁতে মৃতদেহটো বিলুপ্ত কৰাৰ বুদ্ধি বিচাৰিব ধৰিলে । অৱশেষত বুদ্ধি উলিয়াই মৃতদেহটোক টুকুৰা-টুকুৰ কৰি ডাঙৰ বাল্টি এটাত ভৰাই ৰাতিলৈ অপেক্ষা কৰিব ধৰিলে । ৰাতি দহ বাজিল । ৰুমৰ পৰা তাইৰ মৃতদেহৰ টুকুৰা বোৰ বাহিৰলৈ লৈ যাবলৈ কেইবাবাৰো চেষ্টা কৰিলে যদিও সাহস নহ’ল । গেইটৰ মুখত চি চি কেমেৰা আছে । গতিকে শেষত চাদৰ পানীৰ টেংকিত পেলাই দিয়াৰ সিদ্ধান্ত ল’লে । ৰাতি ১২ বাজিল । বিল্ডিঙৰ সকলোৱে টোপনিত লাল কাল । সিহঁতে আতি সাৱধানে বাল্টিটো দাঙি চাদৰ ওপৰলৈ লৈ গৈ পানী টেংকিত তাইৰ দেহৰ টুকুৰাবোৰ ঢালি দি গুচি আহিল ।