বিশ্ব হোমিঅ’পেথিক দিৱস আৰু হ্যনিমেনৰ জন্ম দিৱস উদ্‌যাপন

pc Current affairs-adda247

বিশ্ব হোমিঅ’পেথিক দিৱস আৰু হ্যনিমেনৰ জন্ম দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব হোমিঅ’পেথিক দিৱস আৰু হোমিঅ’পেথিক চিকিৎসাৰ পিতৃ স্বৰূপ হ্যনিমেনৰ জন্ম দিৱস শনি আৰু দেওবাৰে পাঞ্জাবাৰীস্থিত শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷প্ৰথম দিনা পাঞ্জাবাৰীৰ বিপণন কেন্দ্ৰত সজাগতামূলক স্বাস্হ্যসেৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷দ্বিতীয় দিনাই বিশ্ব হোমিঅ’পেথিক দিৱস আৰু হ্যনিমেনৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত পৌৰোহিত্য কৰে অধ্যক্ষ ড° দীপ কুমাৰ মেধিয়ে৷সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা,চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰানাকান্ত শৰ্মা,ড° শুভময় সৰকাৰ,এন আই এইছ আয়ুসৰ প্ৰাক্তন সঞ্চালক ড° দেৱজ্যোতি ভট্টাচাৰ্য,অধ্যাপক বি কে সিনহা,আয়ুসৰ উপ সঞ্চালক ড° দ্বীপেন্দ্ৰ কুমাৰ ডেকা উপস্হিত থাকে৷উদ্‌যাপন সমিতিৰ তত্বাৱধায়ক,অধ্যাপক ডা° দীপক কুমাৰ হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷সভাত সম্পাদক প্ৰণামিকা হাজৰিকা,সৌৰভ দত্তই ভাষণ দিয়ে৷