বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ভেকচিনক শীঘ্ৰে অনুমোদন জনাব লাগেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc- India TodAY

বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ভেকচিনক শীঘ্ৰে অনুমোদন জনাব লাগেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- ইটালীৰ ৰোমত অনুষ্ঠিত জি-২০ গোষ্ঠীৰ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী বিশ্বৰ সমৃদ্ধিশালী দেশসমূহৰ নেতাসকলৰ সৈতে মিলিত হৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছে। প্ৰধানমন্ত্রী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে মিলিত হোৱাৰ পাছত ইউৰোপীয় দেশসমূহৰ শীর্ষ নেতাসকলৰ সৈতে মত বিনিময় কৰে। ইটালীৰ প্ৰধানমন্ত্রী মাৰিঅ’ ড্রাঘিয়ে ৰোমত অনুষ্ঠিত জি-২০ সম্মিলনত উল্লেখ কৰে যে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত আলোচনাত যি ফল পোৱা গৈছে, তাক লৈ ইটালী গর্বিত। জি-২০ সন্মিলনত অংশগ্ৰহণকাৰী নেতাসকলে চলিত বৰ্ষৰ শেষলৈ বিশ্ব জনসংখ্যাৰ কমপক্ষেও ৪০ শতাংশক ক’ভিড ভেকচিন প্ৰদান কৰাৰ সংকল্প গ্ৰহণ কৰিছে।এই সম্মিলনত ২০২২ৰ মাজভাগত ৭০ শতাংশ লোকে ভেকচিন লাভ কৰিব লাগিব বুলি সংকল্প লোৱা হৈছে। এই সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছে যে অহা বছৰৰ ভিতৰত ভাৰতে ৫০০ কোটিতকৈও অধিক কʼভিড ভেকচিন প্ৰস্তুত কৰিব। গোলকীয় অর্থনীতি আৰু গোলকীয় স্বাস্থ্য শীর্ষক বৈঠকত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰি উল্লেখ কৰে যে ভাৰতে ক’ভিড মহামাৰীৰ সংক্রমণ প্ৰতিৰোধত দীঘলীয়া যাত্ৰাৰ সংকল্প লৈছে। নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ভেকচিনক শীঘ্ৰে অনুমোদন জনাব লাগে বুলিও মন্তব্য কৰে।এক বিশ্ব এক স্বাস্থ্যৰ লক্ষ্যৰে সকলোৱে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধী যুঁজত ভাৰতে পাৰ্যমানে সকলো পদক্ষেপ গ্রহণ কৰিব বুলিও মোদীয়ে প্ৰতিশ্ৰুতি দিছে।