বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত

বাৰ্তাসেৱা – ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা পানেৰীৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক অসম বিধান সভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে, আনহাতে বোকাজানৰ বিধায়ক ডাঃ নুমল মমিনক বিধানসভাৰ উপাধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে।

প্ৰাক্তন সাংসদগৰাকীয়ে ফেচবুকত এইটোও লিখিছিল যে তেওঁ অসম বিধান সভাৰ ২১ তম অধ্যক্ষৰ বাবে মনোনয়ম দাখিল কৰিছে আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো দলৰ নেতালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

তেওঁ ভাৰতৰ সন্মানীয় পি. এম শ্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, বিজেপি সভাপতি শ্ৰী জে পি নাড্ডা, ৰাষ্ট্ৰীয় উপ-সভাপতি আৰু বিজেপিৰ মুখপাত্ৰ শ্ৰী বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ সাধাৰণ সম্পাদক বি এল সন্তোষ, অসমৰ চি.এম শ্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাস, বিজেপিৰ সভাপতি শ্ৰী জে পি নাড্ডা সকলো লৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

বিশ্বজিৎ দৈমাৰীৰ (জন্ম ৪ ফেব্ৰ্ৰুবাৰী ১৯৭১) তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰথমবাৰৰ বাবে ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। পিছত ২০০৮ চনৰ পৰা ২০১৪ চনলৈ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়।
বৰ্তমানৰ বিধান সভাৰ উপাধ্যক্ষ ডাঃ মমিন বোকাজানৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক। ডাঃ মমিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ সম্পূৰ্ণ কৰিছিল আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমডি ডিগ্ৰী লাভ কৰিছিল।
ইফালে, নতুন চৰকাৰ গঠনৰ পিছত প্ৰথমখন অসম বিধানসভা অধিৱেশন শুক্ৰবাৰে, ২১ মে’ত আৰম্ভ হ’বলৈ সাজু হৈছে আৰু কোভিড-১৯ মহামাৰীৰ মাজত মাত্ৰ ৫০ শতাংশ উপস্থিতি নিশ্চিত  ।