বিশেষ
সংযুক্তা দত্ত,
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
বিশেষ শব্দটো যে সঁচাকৈয়ে বিশেষ। কিয় জানে ? এই বিশেষ শব্দটো কেতিয়াবা কিছুমান কিতাপৰ আগত বহে। এই ধৰক এইখন এখন বিশেষ কিতাপ । আৰু কেতিয়াবা মানুহৰ আগত । আজি কোন আহিব – আজি এজন বিশেষ ব্যক্তি আহিব। কিন্তু এই শব্দটো কিয় কেতিয়াবা কিছুমান কিতাপ আৰু কিছুমান মানুহৰ আগত বহে । আমিতো সকলো মানুহ আৰু সকলো কিতাপক বিশেষ বূলি নকওঁ। কিতাপ সকলো দৰকাৰী উপযোগী তাথাপিও কিছুমান বিশেষ কিতাপ বুলি কিয় কওঁ। আৰু মানুহহোতো সকলো মানুহেই কিয় তেন্তে সকলোকে বিশেষ বুলি নকওঁ। ভাবি চাইছে নে কেতিয়াবা ? বিশেষ হ’বলৈ নিশ্চয় কিছুমান বিশেষ গুণ থাকিব লাগিব। সকলোৱে আৰ্দশ ব্যক্তি বেলেগ বেলেগ সেই কাৰণে আমি ভালপোৱা ব্যক্তিজন আমাৰ বাবে হৈ পৰে বিশেষ। এই বিশেষ হ’বলৈ যে সাধাৰণ হ’ব লাগিব। আসাধাৰণ মানুহ কেতিয়াও বিশেষ হ’ব নোৱাৰে। যদিহে বিশেষ হ’ব বিচাৰে অহংকাৰক যে ত্যাগ কৰিব লাগিব স্বাৰ্থপৰতা যে এৰিব লাগিব আৰু সকলোকে যে আপোন বুলি ভাবিব পাৰিব লাগিব। এই কাম সকলোৱে কৰিব নোৱাৰে। যিজনে কৰিব পাৰে সেইজন হৈ পৰে সকলোৱে আপোন তথা বিশেষ।