বিশিষ্ট শিক্ষাবিদ, লেখিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতি তথা গোলাঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অন্নদা শইকীয়াৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ, লেখিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতি তথা গোলাঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অন্নদা শইকীয়াৰ দেহাৱসান

ৰূপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট শিক্ষাবিদ, লেখিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতি তথা গোলাঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বোকাখাত সমাজ জীৱনৰ বটবৃক্ষ অন্নদা শইকীয়াৰ দেহাৱসান। শোকষ্টবদ্ধ গোলাঘাটবাসী। অসম চৰকাৰ সাহিত্যক পেঞ্চনাৰ এই গৰাকী বিশিষ্ট মহিলা বোকাখাত জে. দি. এছ জি কলেজৰ শিক্ষা বিভাগৰ অধ্যাপিকা আছিল। বোকাখাত মহিলা কংগ্ৰেছ ৰ প্ৰতিষ্ঠাতা এই গৰাকী শিক্ষাবিদৰ জন্ম হৈছিল ১৯৩৩ চনৰ শিৱসাগৰত আৰু ১৯৫২ চনত বোকাখাতৰ বিশিষ্ট সাংবাদিক চিদানন্দ শইকীয়াৰ লগত বিয়া হৈছিল।  বিয়লি প্রায় শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিশিষ্ট ব্যক্তিৰ উপস্থিটিত তেখেতৰ অন্তুষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়।