বিশিষ্ট নৃত্যশিল্পী গৰিমা হাজৰিকাৰ বিয়োগত দল-সংগঠনৰ শোক

বিশিষ্ট নৃত্যশিল্পী গৰিমা হাজৰিকাৰ বিয়োগত দল-সংগঠনৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  সংগীত নাটক অকাডেমি বঁটা বিজয়ী, শাস্ত্ৰীয় নৃত্য পটিয়সী, সত্ৰীয়া আৰু ওডিছী নৃত্য বিশাৰদ গৰিমা হাজৰিকা (৮৪)ৰ ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্রকাশ কৰিছে। শ্রী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰাক্তন উপ-সভাপতি পদ্মশ্রী ড০ সূৰ্য হাজৰিকা, সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, সাংস্কৃতিক গোষ্ঠী “সুৰতীৰ্থ”, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, পৰাগজ্যোতি প্ৰকাশন, দক্ষিণ কামৰূপ মঞ্চৰ অধ্যক্ষ মদন দাস, গীতিকাৰ-কবি শচীন দাস প্ৰভৃতি দল-সংগঠনে গভীৰ শোক প্রকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা বেদনা জ্ঞাপন কৰে। সকলোৱে একেমুখে গৰিমা হাজৰিকাৰ বিশাল সাংস্কৃতিক প্ৰতিভাক শ্ৰদ্ধাৰে স্মৰণ কৰে।