গুৱাহাটীত বৰেণ্য পণ্ডিত ড০ নবীন চন্দ্র শৰ্মাক “পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা সম্বৰ্দ্ধনা

গুৱাহাটীত বৰেণ্য পণ্ডিত ড০ নবীন চন্দ্র শৰ্মাক “পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা সম্বৰ্দ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৭৬ সংখ্যক স্বাধীনতা দিবসৰ প্ৰাকক্ষণত  “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, অসম জনকৃষ্টি সমাজৰ প্ৰাক্তন সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ প্ৰাক্তন সভাপতি, প্ৰফেছৰ এমেৰিটাছ, সদস্য মহীয়ান, বৰেণ্য সাহিত্যিক ড০ নবীন চন্দ্র শৰ্মাক বাসভবন গুৱাহাটীৰ দুৰ্গাসৰোবৰত সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ স’তে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে। সম্বৰ্দ্ধনা গ্ৰহণ কৰি পণ্ডিত ড০ শৰ্মাই কয়– “আজি মোৰ গৃহত পোৱা সন্মানটি স্মৰণীয় হৈ থাকিব। ৮৪ বয়সত মই ভৰি থৈ কি পালো, কি নাপালো তাকে লৈ আজি মই যথেষ্ট আনন্দিত।” প্ৰকাশনৰ সচিব,সাংবাদিক দীপক শৰ্মাই ধৰা অনুষ্ঠানটিত সম্বৰ্দ্ধনা প্ৰদান কৰি অসম সাহিত্য সভাৰ সহ: সম্পাদক ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- “ড০ শৰ্মাচাৰৰ সাহিত্য সৃষ্টি বিশ্বজনীন। তেওঁৰ অপূর্ব সৃষ্টিৰাজি সকলোৰে মানস পটত আছে।” অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সংগীতশিল্পী অৱনী ৰঞ্জন পাঠকে কয়- “লোক-সংস্কৃতিৰ ক্ষেত্রত ড০ শৰ্মাচাৰৰ ভূমিকা অন্যন্য। অসমৰ কৃষ্টি-সংস্কৃতি, লোক কলা, লোক কথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে যি অহোপুৰুষাৰ্থ কৰিছে, সেইয়া সদাস্মৰণীয়।” প্ৰকাশনৰ সচিব তথা বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- ড০ শৰ্মাচাৰক অসম চৰকাৰে যথোপযুক্ত স্বীকৃতি দিয়াৰ বাবে আশা প্রকাশ কৰে।