বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান

বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান। আজি পুৱা ৮.৩০ বজাত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে। কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। ১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল পুলক গগৈয়ে। কেইবাখনো ছবি নিৰ্মাণ কৰিছিল পুলক গগৈয়ে। খোজ, শ্ৰীমতী মহিমাময়ী, ৰে’ল আলিৰ দুবৰি বন, সুৰুজ, মমতাজ, সদৰী, সেন্দূৰ, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি ছবি পৰিচালনা কৰিছিল পুলক গগৈয়ে।