বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা প্ৰদান।‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা গ্ৰন্থৰ বাবে অকাডেমী বঁটা আগবঢ়োৱা হৈছে সমীৰ তাঁতীলৈ ৷ বঁটা ঘোষণাৰ পিছত বিশিষ্ট কবিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, ২০১৮ চনত ‘ফৰিংবোৰে বাটৰ কথা জানে’ কবিতা পুথিখন লিখা হৈছিল । ২০২১ চনত কবিতা পুথিখন প্ৰকাশ হোৱাৰ পিছত ২০২২ চনত এই কবিতা পুথিখন উন্মোচন কৰা হৈছিল । তেওঁ লগতে কয় যে ১৯৮৭ চনত তেওঁ পৰ্যটন বিভাগৰ কেবাগৰাকী বিষয়াৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণৰ সুযোগ পাইছিল । এই ভ্ৰমণকালত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু অনুভৱৰ পৰা কবিতাবোৰ লিখিছিল । পিছত সুদীৰ্ঘকাল এইবোৰ সংশোধিত আৰু পৰিমাৰ্জিত কৰি কবিতা পুথি আকাৰে প্ৰকাশ কৰা হয় । কবিতাবোৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা, ৰাজনৈতিক বিষয় আৰু উগ্ৰপন্থাৰ সমস্যা আদি দিশবোৰ প্ৰতিফলিত হৈছে ।

১৯৫৫ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত গোলাঘাটৰ বিহৰা চাহ বাগিচাত জন্মলাভ কৰা সমীৰ তাঁতীয়ে “যুদ্ধভূমিৰ কবিতা”, “কদম ফুলাৰ ৰাতি”, “শোকাকুল উপত্যকা”, “বিগলিত প্ৰাৰ্থনা” আদি কবিতা গ্ৰন্থৰে অসমীয়া কবিতা সাহিত্যৰ জগতক প্ৰসিদ্ধ কৰিছে ৷ কবি তাঁতীয়ে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।কবি তাঁতীয়ে এজন উৰিয়া শিক্ষকৰ ওচৰত শিক্ষাজীৱনৰ পাতনি মেলিছিল। এবছৰমান পাছত তেওঁ বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পাছত তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ১৯৮৩ চনত কবি তাতীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে৷ সমীৰ তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত “সাদিনীয়া নাগৰিক” কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে ৷ তাৰ পাছত তেখেতে “দ্য ছেণ্টিনেল” কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে। ইয়াৰ পাছত তেওঁ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি শেষত অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰে।১৯৭৯ চনত ‘নাগৰিক’ কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল। বৰ্তমানলৈকে সমীৰ তাঁতীৰ বাৰখন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। “যুদ্ধভূমিৰ কবিতা” (১৯৮৫), “শোকাকুল উপত্যকা” (১৯৯৩), “সময় শব্দ সপোন” (১৯৯৬), “কদম ফুলাৰ ৰাতি” (২০০১) আদি তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন৷২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল ৷