বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ ৮৯ বছৰ বয়সত দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ ৮৯ বছৰ বয়সত দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান। ৮৯ বছৰ বয়সত জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাই। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। আজি পুৱা ৮ বাজি ২৫ মিনিটত দেহাৱসান ঘটে সুদক্ষিণা শৰ্মাৰ। ১৯৩৪ চনৰ ৮ আগষ্টত জন্ম হৈছিল ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা। নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ। প্ৰয়াত শিল্পী দিলীপ শৰ্মাৰ পত্নী আছিল সুদক্ষিণা শৰ্মা। প্ৰকৃত নাম আছিল নিৰুপমা হাজৰিকা। কুইন বা কুইনী হাজৰিকা হিচাপেও পৰিচিত আছিল সুদক্ষিণা শৰ্মা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ নাম দিছিল কুইন হাজৰিকা। ৰেডিঅ’ত প্ৰথমে গীত গাঁওতে তেওঁ কুইন হাজৰিকা নামেৰেই গাইছিল। শহুৰেক দীননাথ শৰ্মাই দিছিল সুদক্ষিণা শৰ্মা নামটো। জ্যোতিপ্ৰসাদ আগৰৱালাই দিছিল কুইনী নাম। ১০ বছৰ বয়সতে কলকাতাত ‘নাহৰ ফুলে নুশুৱাই’ গীতটো বাণীবদ্ধ কৰিছিল সুদক্ষিণা শৰ্মাই। কণ্ঠদান কৰিছিল ‘বিশ্বৰ ছন্দে ছন্দে’ সহ বহু কালজয়ী গীতত। ২০০২ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল সুদক্ষিণা শৰ্মাই। ২০০৮ চনত লাভ কৰিছিল লিঅ’ এক্সপ’ সন্মান। ২০১০ চনত ‘চাতক’ সন্মান লাভ কৰিছিল শিল্পীগৰাকীয়ে।