বিশিষ্ট অতিথি আৰু বিদ্বৎত্বৰ্গৰ উপস্থিতিত ৰীতা চৌধুৰীয়ে উন্মোচন কৰিলে তেওঁৰ নৱতম উপন্যাস ‘নেভাৰলেণ্ড জিৰ’ আবাৰ’

বিশিষ্ট অতিথি আৰু বিদ্বৎত্বৰ্গৰ উপস্থিতিত ৰীতা চৌধুৰীয়ে উন্মোচন কৰিলে তেওঁৰ নৱতম উপন্যাস ‘নেভাৰলেণ্ড জিৰ’ আবাৰ’

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  শক্তিশালী কথাশিল্পী ড° ৰীতা চৌধুৰীয়ে তেওঁৰ নৱতম আৰু আকর্ষণীয় উপন্যাস ‘নেভাৰলেণ্ড জিৰ’ আৱাৰ’ উন্মোচন কৰি এক নতুন মাইলৰ খুটা স্থাপন কৰিলে। মুখ্য অতিথি বাংলাদেশৰ দশম সংসদৰ সাংসদ আৰু সমাজকর্মী মাহজবীন খালেদ আৰু বহু বিশিষ্ট ব্যক্তিবর্গৰ উপস্থিতিত এই গ্রন্থখন উন্মোচন কৰা হয়। ইয়াৰ আগতে পোন প্রথমে পশ্চিমবঙ্গৰ ৰাজ্যপাল আৰু ভাৰতীয় সেনাবাহিনীৰ ইস্টার্ণ কমাণ্ডৰ লেফটেনেন্ট জেনেৰেলে ভাৰতীয় সেনাবাহিনীৰ ইস্টার্ণ কমাণ্ড আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ বিজয় দিৱস ১৬ ডিচেম্বৰত কলকাতাৰ ভিক্টোৰীয়া মেমোৰিয়েলত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই গ্রন্থখনৰ আনুষ্ঠানিকভাবে উন্মোচন কৰিছে। অসমৰ বহুমুখী সংস্থা ব্যতিক্রম মাছডোৰ দ্বাৰা কলকাতাৰ ৰাছেল স্ট্রীটৰ কেনিলবাৰ্থ হোটেলৰ প্রেক্ষাগৃহত আয়োজিত এক আড়ম্বৰপূর্ণ সাহিত্য অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি, সম্মানিত অতিথি আৰু সাহিত্যানুৰাগী পাঠকবৰ্গৰ উপস্থিতিত ড° ৰীতা চৌধুৰীয়ে তেওঁৰ নৱতম উপন্যাসখন উন্মোচন কৰে। বিশ্ব সাহিত্যত অনন্য বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপ সমবেত সুধী আৰু বিদ্বৎসমাজে তেওঁক অভিনন্দন জনায়। কথাশিল্পী ৰীতা চৌধুৰীয়ে তেওঁৰ সর্বশেষ এই ট্রিলোজি উপন্যাসৰ প্ৰথম খণ্ড ‘নেভাৰলেণ্ড জিৰ’ আৱাৰ’ -ত জীৱন আৰু মানৱতাৰ বিভিন্ন দিশবোৰ বিতংভাৱে বর্ণনা কৰি অসংখ্য আগ্রহী পঢ়ুৱৈৰলৈ আগবঢ়াইছে। তেওঁ এই উপন্যাসৰ প্রথম খণ্ডত বাংলাদেশৰ মুক্তিযুদ্ধ, ঢাকা, কৰাচী, দিল্লী, হাফলং, দণ্ডকাবণ্য আৰু মালকানগিৰি আদিৰ ঐতিহাসিক প্রেক্ষাপটসমূহ বিতংভাবে বর্ণনা কৰিছে। দেশখনত নির্বাচনত জয়লাভ কৰা সত্ত্বেও শেখ মুজিবুৰ ৰহমানক ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ পশ্চিম পাকিস্তানী শাসকবর্গৰ ষড়যন্ত্রৰ বিৰুদ্ধে মুজিবুৰ ৰহমানৰ প্ৰতিৰোধ আৰু ভাৰত চৰকাৰৰ গুৰুত্বপূর্ণ ভূমিকাৰ কথাও ইয়াত বর্ণনা কৰা হৈছে। ড° ৰীতা চৌধুৰীৰ সর্বশেষ এই চিন্তা উদ্রেককারী অনন্য উপন্যাসখন এতিয়া সমগ্র বিশ্বৰ পাঠকসকলৰ বাবে সহজতে উপলব্ধ। গ্রন্থ উন্মোচন উপলক্ষে আয়োজিত এই অনুষ্ঠানত ফ্রেণ্ডছ অব বাংলাদেশ’ ৰ অসম চেপ্টাৰৰ সভাপতি ড° ৰীতা চৌধুৰীৰ সর্বশেষ এই চিন্তা উদ্রেককাৰী অনন্য উপন্যাসখন এতিয়া সমগ্র বিশ্বর পাঠকসকলৰ বাবে সহজতে উপলব্ধ। গ্রন্থ উন্মোচন উপলক্ষে আয়োজিত এই অনুষ্ঠানত ‘ফ্রেণ্ডছ অব বাংলাদেশ’-ৰ অসম চেপ্টাৰৰ সভাপতি আৰু ব্যতিক্রম মাছডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াই অনুষ্ঠানত কয়, আমি এক ঐতিহাসিক ক্ষণৰ সাক্ষী। ড° ৰীতা চৌধুৰীৰ এই উপন্যাসখনে ভাৰত আৰু বাংলাদেশৰ সম্পর্কক অধিক দৃঢ় কৰাৰ লগতে অসম আৰু বাংলাদেশৰ পঢ়ুৱৈসমাজৰ সুসম্পৰ্কৰ সেতু গঢ়ি উঠিব।