বিলাসীপাৰাৰ পাহি প্ৰিয়া দেৱীলৈ শিশু শিল্পী বঁটা

বিলাসীপাৰাৰ পাহি প্ৰিয়া দেৱীলৈ শিশু শিল্পী বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ এটি জনপ্ৰিয় বেচৰকাৰী অনুষ্ঠান ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদৰ উদ্যোগত যোৱা বৰ্ষবোৰৰ দৰে এইবেলিও অহা ৫ নবেম্বৰ ৰবিবাৰে বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিবসৰ লগত সংগতি ৰাখি আয়োজন কৰা “বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহ”ৰ অনুষ্ঠানত ৰাইজৰ অনুসন্ধানৰ ভিত্তিত ৰাজ্যখনৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ কেইজনমান প্ৰতিভাধৰ ব্যক্তিক বিবেচনা কৰি বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সকলে জনাইছে । সেই অনুষ্ঠানতেই ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ অনুপ চৌধুৰী আৰু পূৰ্ণিমা দেবীৰ কন্যা পাহি প্ৰিয়া দেবীক ” শিশু শিল্পী বঁটা”প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিব দিছে । বিলাসীপাৰাৰ ৰয়েল একাডেমীৰ ছাত্ৰী পাহি প্ৰিয়া দেবীয়ে নিজৰ পঢ়াশালিৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অনুষ্ঠানে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি নিজৰ প্ৰতিভাৰ জনপ্ৰিয়তা অৰ্জন কৰা হেতুকে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে অসমৰ আগশাৰীৰ এটি জনপ্ৰিয় বেচৰকাৰী শিক্ষা – সাহিত্য – সাংস্কৃতিক – সামাজিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ড, গুৱাহাটীয়ে এই জনা শিশু শিল্পীক যোৱা ৮ চেপ্তেম্বৰত গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত “আৰোহণ শিশু নৃত্য শিল্পী বঁটা” প্ৰদান কৰিছে। শিশু শিল্পী গৰাকীৰ উজ্জ্বল ভবিষ্যৎকামনা কৰিলোঁ।