বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে।ৰাষ্ট্ৰপতি ট্রাম্পে বিশ্বৰ প্ৰতিখন দেশৰ ওপৰত নতুন শুল্ক নীতি আৰোপ কৰাৰ পিছতেই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে ‘মুক্তি দিৱস’ হিচাপে ইতিপূর্বে ঘোষণা কৰি বুধবাৰৰ দিনটোতেই নতুন শুল্ক কৰ আৰোপ কৰা সন্দৰ্ভত কয়- যদি কোনো দেশে আমেৰিকাৰ প্ৰতি সুৰ নৰম কৰে, তেতিয়াহ’লে সেই দেশৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্ক হ্রাস কৰাৰ বিবেচনা হ’ব। ইয়াৰ পৰিৱৰ্তে যদি কোনো দেশে আমেৰিকাৰ পণ্যৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰে, তেতিয়াহ’লে সেই দেশৰ ওপৰত কঠোৰ হ’ব আমেৰিকা। ৰাষ্ট্ৰপতি ট্রাম্পে ঘোষণা কৰা নতুন আমদানি শুল্ক ভাৰতৰ ওপৰত ২৬ শতাংশ, চীনৰ ওপৰত ৩৪ শতাংশ, ইউৰোপীয় ইউনিয়নৰ ওপৰত ২০ শতাংশ, ভিয়েটনাম ৪৬ শতাংশ, জাপান ২৪ শতাংশ, দক্ষিণ কোৰিয়া ২৫ শতাংশ, থাইলেণ্ড ৩৬ শতাংশ, চুইজাৰলেণ্ড ৩১ শতাংশ, ভূটান ১০ শতাংশ, পাকিস্তান ২৯ শতাংশ, নিউজিলেণ্ড ১০ শতাংশ, নেপাল ১০ শতাংশ, আফগানিস্তান ১০ শতাংশ, বাংলাদেশ ৩৭ শতাংশ, ব্রাজিল ১০ শতাংশ, শ্রীলংকাত ৪৪ শতাংশ আৰোপ কৰা হৈছে। বাকী দেশসমূহতো ৰাষ্ট্ৰপতি ট্রাম্পে নতুন আমদানি শুল্ক আৰোপ কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পৰ এই শুল্ক নীতিক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিশ্বৰ বিভিন্ন দেশে।অষ্ট্ৰেলিয়াই আমেৰিকাৰ ওপৰতো অতিৰিক্ত কৰ আৰোপৰ হুংকাৰ দিছে। ঠিক তেনেদৰে ইউৰোপীয় সংঘয়ো ট্রাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি ইয়াৰ বিৰুদ্ধে যুঁজাৰ হুংকাৰ দিছে। ট্রাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ কানাডা সাজু হৈছে বুলি প্রধানমন্ত্রী মার্ক কার্নেই ঘোষণা কৰিছে। আমেৰিকাৰ এই নতুন শুল্ক নীতিৰ ফলত কানাডাবাসীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। ইয়াৰ পৰিপ্ৰেক্ষিততে কানাডায়ো অতিৰিক্ত কৰ আৰোপ কৰিব। ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে প্ৰতিক্রিয়া ব্যক্ত কৰি কয় যে দেশখনে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাজু। লক্ষণীয় যে ব্রিটেইনৰ ওপৰত ১০ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছে। ট্রাম্পৰ এই শুল্ক নীতিক লৈ অসন্তুষ্ট জার্মানীয়ে সতর্ক কৰি দি কৈছে যে এই নীতিত উভয়পক্ষই ক্ষতিগ্রস্ত হ’ব। ট্রাম্পৰ শুল্ক নীতিক তীব্র সমালোচনা কৰিছে স্পেইনে। প্রধানমন্ত্রী পেড্র’ ছানচেজে কয় যে এই পৰিস্থিতিত দেশৰ কোম্পানী আৰু কৰ্মীৰ সুৰক্ষাৰ বাবে তেওঁ পদক্ষেপ গ্রহণ কৰিব। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰচনে আমেৰিকাৰ শুল্ক নীতিক লৈ সন্তুষ্টি ব্যক্ত কৰি বাণিজ্য যুদ্ধত তেওঁলোক নাই বুলি মন্তব্য কৰিছে।ইপিনে আমেৰিকাই ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই অদূৰ ভৱিষ্যতে ভাৰত-আমেৰিকাৰ বাণিজ্যত কি প্ৰভাৱ পৰিব সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয়- বন্ধু ভাৰতৰ ওপৰতো এইবাৰ ২৬ শতাংশ শুল্ক আৰোপ কৰা হৈছে। আমেৰিকাৰ এই নতুন আমদানি শুল্ক নীতিয়ে ভাৰতৰ অর্থনীতিত মধ্যমীয়া প্ৰভাৱ পৰিব বুলি বাণিজ্য মন্ত্রণালয়ে প্রকাশ কৰিছে।