বিপিচিএলৰ গুৱাহাটীৰ লখৰাত মেচাৰ্ছ এনইএছ নামৰ এটা ডিপো মুকলি

Pc- Global Prime News

বিপিচিএলৰ গুৱাহাটীৰ লখৰাত মেচাৰ্ছ এনইএছ নামৰ এটা ডিপো মুকলি

অনলাইন বাৰ্ত্তাসেৱা- গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে গুৱাহাটীৰ লখৰাত মেচাৰ্ছ এনইএছ নামৰ এটা ডিপো মুকলি কৰি গুৱাহাটীত ঘৰে ঘৰে ইন্ধন যোগানৰ বাহন মুকলি কৰে বিপিচিএলৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক পংকজ দাসে। ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে (বিপিচিএল) প্ৰথমবাৰৰ বাবে গুৱাহাটীত ঘৰে ঘৰে ইন্ধন যোগানৰ সুবিধা প্ৰদান কৰিছে। এই অনুষ্ঠানত জ্যেষ্ঠ বিষয়া মৌচম এছ খাউণ্ডৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।