বিদ্যুতৰ অস্বাভাৱিক মাচুল বৃদ্ধিৰ বিৰোধিতা সন্দৰ্ভত ৰাজহুৱা সভা

Pc ETV Bharat

বিদ্যুতৰ অস্বাভাৱিক মাচুল বৃদ্ধিৰ বিৰোধিতা সন্দৰ্ভত ৰাজহুৱা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিদ্যুতৰ অস্বাভাৱিক মাচুল বৃদ্ধি, প্ৰিপেইড স্মাৰ্ট মিটাৰ সহ বিদ্যুৎ ক্ষেত্ৰৰ অন্যান্য সমস্যাৰ বিৰুদ্ধে অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছ’চিয়েছনৰ দৰং জিলা ইউনিটৰ উদ্যোগত  মঙ্গলদৈ সাহিত্য সভা ভৱনত এখন নাগৰিক সভা অনুষ্ঠিত হয়।মঙ্গলদৈ চহৰৰ শতাধিক নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নাগৰিক সভাখন পৰিচালনা কৰে বিশিষ্ট সমাজকৰ্মী জিতেন্দ্ৰ চলিহাই।সভাত বক্তা হিচাবে উপস্থিত থাকে অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ উপদেষ্টা বিমল দাস আৰু ৰাজ্যিক কমিটীৰ আহ্বায়ক অজয় আচাৰ্য। প্ৰধান বক্তা বিমল দাসে তেওঁৰ বক্তব্যত বিদ্যুৎ গ্ৰাহকসকলে বৰ্তমানে ভূগি থকা নানা সমস্যাৰ কথা উল্লেখ কৰি কয় বিদ্যুত বিতৰণ কোম্পানীয়ে চৰকাৰৰ নিৰ্দেশনা উল‍‍ংঘন কৰি প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰিছে। ইয়াৰ বিৰুদ্ধে শক্তিশালী গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে তেওঁ আহ্বান জনায়। সভাৰ আনগৰাকী বক্তা এ এ ই চি এ’ ৰ আহ্বায়ক অজয় আচাৰ্য্যই কয়,এফালে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাইছে আৰু আনফালে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ যোগেদি ৰাইজক লুন্ঠন চলাই আহিছে আৰু বিতৰণ কোম্পানীৰ সকলো লোকচান ৰাইজৰ ওপৰত জাপি দি আছে। তেওঁ আৰু কয়, প্ৰিপেইড মিটাৰ গ্ৰাহকৰ স্বাৰ্থত নহয়,বৰং কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত হে স্থাপন কৰা হৈ আছে। প্ৰিপেইড মিটাৰে বিদ্যুতক পৰোক্ষভাৱে পৰিসেৱাৰ পৰা পণ্যলৈ ৰূপান্তৰিত কৰিব আৰু বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণক তৰান্বিত কৰিব।লগতে তেওঁ কয়, প্ৰিপেইড মিটাৰে গ্ৰাহকৰ বিদ্যুতৰ খৰচ অভাৱনীয় হাৰত বৃদ্ধি কৰিছে।কাৰ্যত: এপিডিচিএলে এক ভয়ংকৰ লুন্ঠন চলাই আহিছে।অথচ চৰকাৰৰ নেতা মন্ত্ৰী সকলে ইয়াক লৈ টুলুঙা মন্তব্য কৰি বিষয়টোক পাতল কৰি ৰাইজৰ দৃষ্টি অইনফালে ঘুৰাই দিব বিচাৰিছে। আহ্বায়কজনে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যব্যাপী শক্তিশালী বিদ্যুত গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়।শেষত দৰং জিলাত গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে উপস্থিত নাগৰিক সকলৰ সন্মতিক্ৰমে সবিতা ডেকা আৰু ফিৰিজুল হকক আহ্বায়ক হিচাবে লৈ এগাৰজনীয়া মঙ্গলদৈ আঞ্চলিক বিদ্যুত গ্ৰাহক সমিতি গঠন কৰা হয়৷