বিজেপি মিত্ৰজোঁটৰ দখললৈ আহিল পৌৰ নিগম

বিজেপি মিত্ৰজোঁটৰ দখললৈ আহিল পৌৰ নিগম

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি মিত্ৰজোঁটৰ দখললৈ আহিল পৌৰ নিগম। মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত ৫২টা ৱাৰ্ড বিজেপিয়ে, ৬টা ৱাৰ্ড মিত্রদল অগপই দখল কৰাৰ বিপৰীতে বিৰোধী আপ আৰু অজাপে এটাকৈ ৱাৰ্ড দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত নিঃশেষ হৈ গ’ল ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমত কংগ্ৰেছৰ প্ৰতিনিধি শূন্য হৈ পৰিল। ৫৪টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ দলে এটাও ৱাৰ্ডত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম নহ’ল। প্ৰতিটো ৱাৰ্ডতে ৰাজ্যখনৰ প্ৰধান বিৰোধী দলটোৱে বৃহৎ ভোটৰ ব্যৱধানত অতি শোচনীয়ভাৱে পৰাজয়বৰণ কৰে। নির্বাচনী ফলাফল অনুসৰি বিজেপিয়ে লাভ কৰা ৱাৰ্ডকেইটা হৈছে – ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১১, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৫, ২৬, ২৭, ২৮, ৩০, ৩১, ৩৩, ৩৪, ৩৫, ৩৬, ৩৭, ৩৮, ৩৯, ৪০, ৪১, ৪৩, ৪৪, ৪৫, ৪৬, ৪৭, ৪৮, ৪৯, ৫০, ৫১, ৫২, ৫৩, ৫৪, ৫৫, ৫৬, ৫৭, ৫৮ আৰু ৬০। ইয়াৰে ৫, ৬ আৰু ২২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীকেইগৰাকী বিনাপ্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। সেইদৰে মিত্রদল অগপই ১০, ১২, ১৩, ২৪, ৩২ আৰু ৫৯নং ৱাৰ্ডত জয়লাভ কৰিছে। অজাপে ১নং ৱাৰ্ড আৰু আপে ৪২নং ৱাৰ্ডত জয়লাভ কৰিছে।  এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৫৩টা ৱাৰ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়ায়। ৪২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আপৰ হাতত পৰাজয়বৰণ কৰে। সেইদৰে মিত্রদল অগপই ৭টা ৱাৰ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়ায়। ১নং ৱাৰ্ডত অগপ প্ৰাৰ্থীগৰাকী অজাপৰ প্ৰাৰ্থীগৰাকীৰ হাতত পৰাজিত হয়। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ বাবে কাৰ্যতঃ ‘অখ্যাত’ দল আপ-এ এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৩৮টা ৱাৰ্ডত প্রার্থিত্ব আগবঢ়ায়। অতি লক্ষণীয়ভাৱে ৰাজ্যখনত নতুনকৈ আত্মপ্রকাশ কৰা দলটোৱে এটা ৱাৰ্ডত জয়লাভ কৰাৰ সমান্তৰালভাৱে ২৫টা ৱাৰ্ডত দ্বিতীয় স্থানত থাকে।