বিজেপিৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড গঠন

Pc The Indian Express

বিজেপিৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড গঠন

ৰঙিলী বাৰ্ত্তাসেৱা–  নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি।১১ জনীয়া ব’ৰ্ড গঠনত অনুমোদন বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাৰ।১১ জনীয়া সমিতিখনত অন্তৰ্ভুক্ত হ’ল কেন্ত্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম।বিজেপিৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।এই ব’ৰ্ডত অন্তৰ্ভুক্ত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম।ব’ৰ্ডৰ অধ্যক্ষ হিচাপে থাকিব জে পি নাড্ডা।বি এল সন্তোষ ব’ৰ্ডৰ সচিব হিচাপে নিৰ্বাচিত হৈছে।এই বৰ্ডত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা আৰু সৰ্বানন্দ সোণোৱালক স্থান দিয়াৰ বিপৰীতে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন গাডকাৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এই সমিতিৰ পৰা অপসাৰণ কৰা হৈছে।