বিজেপিৰ বিসম্বাদক লৈ সৰৱ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

বিজেপিৰ বিসম্বাদক লৈ সৰৱ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- জ্যেষ্ঠ বিজেপি নেতাৰ ক্ষোভৰ আঁৰৰ প্ৰকৃত সত্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত বৰাই কয়,’শেহতীয়াকৈ বিজেপিৰ ভিতৰচ’ৰাৰ বিদ্ৰোহৰ কথা এতিয়া সৰ্বজনবিদিত। জ্যেষ্ঠ একাংশ নেতাৰ ক্ষোভৰ অগনি জ্বলা আমাৰ পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ হৈছে ছিণ্ডিকেটৰাজ। একাংশ নেতা ছিণ্ডিকেটত জড়িত থকাৰ কথা এতিয়া সকলোৰে মুখে মুখে। আৰু ইয়াকে লৈ দুটা ভাগত বিভক্ত হৈ পৰিছে বাজপেয়ী ভৱনৰ ভিতৰচ’ৰা। একাংশ নেতা-কৰ্মীয়ে ছিণ্ডিকেটৰ টকাৰে ধনৰ পাহাৰ সাজিছে। বিজেপিত ছিণ্ডিকেটৰ মূল হোতা দুজন যুৱনেতা বুলিও সকলো অৱগত।আৰু ইয়াৰ বাবেই এসময়ত নীতি আদৰ্শক সাৰোগত কৰি তিল তিলকৈ দলটো গঢ়াসকল আজি ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে। মুঠতে পুৰণি আৰু নতুন বিজেপিৰ মাজত বিভাজন স্পষ্ট৷দুৰ্ভাগ্যজনকভাৱে চাকৰিকলৈও বিজেপিৰ একাংশই বজাৰ চলাইছে। পৰিস্থিতি এনেকুৱা হৈছেগৈ যে এগৰাকী নেত্ৰীয়ে ঘটনা চক্ৰত আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মুঠতে বিজেপি এতিয়া সম্পূৰ্ণৰূপে গেলিছে।আনহাতে History repeats itself. ইতিহাসৰ পুনৰাবৃত্তি হয়। এসময়ত ক্ষমতা আহৰণৰ বাবে বিসম্বাদৰ জুই জ্বলোৱা ড° হিমন্ত বিশ্ব শৰ্মা আজি সেই জুইৰ শিখাত নিজে দগ্ধ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজেন গোঁহাইয়ে মুকলিকৈ বিস্ফোৰণ ঘটাই সকলো কাম মুখ্যমন্ত্ৰীয়ে নিজে কৰিবলৈ আগবঢ়াৰ বাবে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে । বিধায়ক ৰমাকান্ত দেউৰীয়ে বিধায়ক-মন্ত্ৰী ক্ষমতাহীন হৈ পৰা বুলি সংবাদ মাধ্যমত মন্তব্য কৰি পৰোক্ষভাৱে ড° হিমন্ত বিশ্ব শৰ্মাৰ একছত্ৰী শাসনৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে।শাসনাধিষ্ঠ বিজেপিৰ বিসম্বাদে ৰাজ্যৰ উন্নয়নতো প্ৰভাৱ পেলোৱাটো নিশ্চিত হৈছে। মুখত এটা কথা কৈ কাৰ্যক্ষেত্ৰত অন্য এটা কৰা বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক আমি ধিক্বাৰ দিছো। তেওঁলোক এতিয়া নিজৰ বাবেহে শাসনত আছে, জনতাৰ বাবে নহয়।’