বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিত শিক্ষকৰ যোগদানৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিত শিক্ষকৰ যোগদানৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিত চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষকৰ যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই। এক ভিডিঅ’ বাৰ্তাত দত্তই কয়,’বিজেপিৰ ছাত্ৰ সংগঠন হিচাপে পৰিচিত এবিভিপিত কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপকে যোগদান কৰাৰ কথাটোৱে আমাক যথেষ্ট উদ্বিগ্ন কৰিছে। জে বি কলেজ, নৰ্থ লখিমপুৰ কলেজ আৰু গুৰুচৰণ কলেজৰ অধ্যাপকৰ এবিভিপিত যোগদানৰ সংবাদ ইতিমধ্যে প্ৰচাৰিত হৈছে। এবিভিপিৰ সভাপতি পদত আছে নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক ৰবীন কাকতি। চৰকাৰী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক এটা ৰাজনৈতিক দলৰ ভগ্নী সংগঠনৰ সভাপতি হিচাপে কেনেকৈ কাৰ্যনিৰ্বাহ কৰি থাকিব পাৰিছে। ৰাজ্যত আচলতে কি চলিছে? চৰকাৰে কি এইবোৰ দেখা নাই?তেওঁলোকৰ বিৰুদ্ধে কোনো পদক্ষেপো গ্ৰহণ কৰা নাই। কিন্তু কিছুদিন পূৰ্বে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ খচৰাত ভৱানীপুৰ সমষ্টিৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ লোৱাৰ বাবে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাক শিক্ষা বিভাগে তাৎক্ষণিকভাৱে নিলম্বন কৰিছিল। এতিয়া আমাৰ প্ৰশ্ন হৈছে বিজেপিৰ লগত জড়িত হ’লে কোনোবা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয়, কিন্তু সমাজৰ স্বাৰ্থত এক প্ৰতিবাদত অংশ লোৱাৰ বাবে আন কোনোবা শিক্ষকক শাস্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা ১৭ মাৰ্চতে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এবিভিপিৰ সভাপতি পদত উক্ত অধ্যাপকগৰাকী কাৰ্যনিৰ্বাহ কৰি থকাৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছিলো। কিন্তু আজিলৈকে শিক্ষা বিভাগৰ কোনো কানিৰ নাই। অৰ্থাৎ বিজেপিৰ হৈ কাম কৰিলে সাত খুন মাফ্ এয়াই বিজেপিৰ সুশাসনৰ স্বৰূপ।আমি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক উক্ত অধ্যাপককেইগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছো।’