বিজয়া দশমী অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্রতীকঃ ৰাষ্ট্ৰপতি কোবিন্দ

pc Gj Stories

বিজয়া দশমী অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্রতীকঃ ৰাষ্ট্ৰপতি কোবিন্দ

ৰঙিলা বাৰ্ত্তাসেৱা – সমগ্র দেশতে আজি বিজয়া দশমীৰ লগতে পালন কৰা হৈছে দশেৰা। ভগৱান ৰামৰ ৰাৱনৰ বিৰুদ্ধে বিজয় আৰু অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক স্বৰূপে এই উৎসৱ পালন কৰা হয়। ইয়াৰ লগে লগে নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰো সামৰণি পৰে। অসমৰ বিভিন্ন প্ৰান্তত আজি দশেৰা উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হ’ব। বিজয়া দশমীৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু মিৰ্জাত সন্ধিয়া ৰাৱণ বধ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোৱিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বিজয়া দশমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ বাৰ্তাত কয় যে বিজয়া দশমী অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্রতীক। তেওঁ কয় যে ভগৱান ৰামৰ ব্যক্তিত্ব আৰু মৰ্যাদা পুৰুষোত্তম হিচাপে তেওঁৰ আচৰণ সকলোৰে বাবে আদর্শ স্বৰূপ। তেওঁ লগতে এই বুলি আশা প্রকাশ কৰে যে, এই উৎসৱে যেন সমাজৰ নৈতিক ভেঁটি সবল কৰি তোলে আৰু সকলো নাগৰিকে ৰাষ্ট্ৰ গঠনৰ হকে কাম কৰিবলৈ অনুপ্রাণিত কৰে। উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কয় যে এই উৎসৱে আমাক সকলো আসুৰিক শক্তিক মষিমূৰ কৰাৰ বাবে অহৰহ যুঁজ দিয়াৰ আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰী ডাল শক্তিশালী কৰি তোলাৰ আৱশ্যকতাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে এই উৎসৱে দেশলৈ শান্তি-সম্প্ৰীতি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে।