বান সাহায্যৰ বাবে এমট্ৰনৰ এক কোটি টকা

Pc Sentinel assam

বান সাহায্যৰ বাবে এমট্ৰনৰ এক কোটি টকা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম ( এমট্ৰন ) এ ৰাজ্যৰ সাম্প্ৰতিক প্ৰলয়ংকৰী বানপানী আৰু খহনীয়াত ক্ষতিগ্ৰস্ত লোক সকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক কোটি টকাৰ অনুদান আগবঢ়াইছে। প্ৰতিষ্ঠানটোৰ প্ৰতিজন বিষয়া- কৰ্মচাৰীয়ে বান দুৰ্গত সকলৰ বাবে নিজৰ এমাহৰ মুঠ দৰমহাৰ দহ শতাংশকৈ ধন আগঢ়াইছে।আজি এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক তথা প্ৰাক্তন পৰিচালন সঞ্চালক মহন্দ্ৰ কুমাৰ যাদৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এমট্ৰনৰ হৈ এই ধনৰাশিৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে দুৰ্গত সকলৰ প্ৰতি এমট্ৰনৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ধন্যবাদ জনোৱাৰ লগতে শলাগ লয়।