বানাক্ৰান্ত শিক্ষার্থীলৈ কিতাপ অনুদানৰ বাবে সাহায্য পুঁজি মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

Pc Facebook

বানাক্ৰান্ত শিক্ষার্থীলৈ কিতাপ অনুদানৰ বাবে সাহায্য পুঁজি মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুমাহৰ ভিতৰতে দুটাকৈ প্রলয়ংকৰী বানে ৰাজ্যলৈ নমাই অনা দুর্যোগত অসহায় হৈ পৰিছে ক্ষতিগ্ৰস্ত পৰিয়াল। বানে বাসগৃহ উটুৱাই নিয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্র বিশেষকৈ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি এই বানত সম্পূৰ্ণৰূপে নষ্ট হৈছে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এনে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্য বানাক্ৰান্ত শিক্ষার্থীলৈ কিতাপ অনুদানৰ বাবে সাহায্য পুঁজি মুকলি কৰে।শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু ৰাজহমন্ত্রী যোগেন মহনৰ উপস্থিতিত জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১ লাখ ১ হাজাৰ ৫৩৯গৰাকী ছাত্র-ছাত্রীক বেংক একাউণ্টৰ জৰিয়তে এহেজাৰ টকাকৈ আগবঢ়ায়। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছে ১০.১৫ কোটি টকা।মুখ্যমন্ত্ৰী ড° শৰ্মাই এই কথা ঘোষণা কৰি কয় যে ছাত্র-ছাত্রীসকলক প্ৰদান কৰা এই ধনৰাশি মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হৈছে। এই ধনেৰে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ ক্ৰয়ৰ লগতে অধ্যয়নত আৱশ্যক হোৱা সামগ্ৰী ক্ৰয় কৰিব পাৰিব। তেওঁ ইয়াকো উল্লেখ কৰে যে বানাক্ৰান্ত শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে ১৫ আগষ্টৰ পূৰ্বে অতিৰিক্তকৈ প্ৰেৰণ কৰিব বিনামূলীয়া পাঠ্যপুথি । শিক্ষা বিভাগে ইয়াৰ বাবে এক অভিযান আৰম্ভ কৰিব। প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা বানাক্ৰান্ত শিক্ষাৰ্থীসকলক কি কি পাঠ্যপুথি নষ্ট হৈছে অথবা কি কি পাঠ্যপুথিৰ আৱশ্যক, সেই তথ্য সংগ্রহ কৰিব। তাৰ ভিত্তিতে সংশ্লিষ্ট জিলাসমূহলৈ অতিৰিক্তভাৱে বিনামূলীয়াকৈ বিভাগে পাঠ্যপুথিসমূহ প্ৰেৰণ কৰিব। আনহাতে, মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে যে বানত যিসকল ছাত্ৰ-ছাত্ৰীৰ নথিপত্র নষ্ট হৈছে অথবা যিসকল বানাক্ৰান্তৰ মাটি সম্পৰ্কীয় বা শিক্ষা সম্পৰ্কীয় তথা আন গুৰুত্বপূৰ্ণ চৰকাৰী নথি নষ্ট হৈছে, সেইসমূহ নথি যাতে চৰকাৰী বিভাগসমূহে সোনকালে উলিয়াই দিয়ে, তাৰ বাবে এক নিৰ্দেশ প্ৰদান কৰা হ’ব। প্ৰতিটো বিভাগলৈ এই সম্পৰ্কীয় নিৰ্দেশ অচিৰেই প্ৰেৰণ কৰা হ’ব। সমান্তৰালভাৱে ক্ষুদ্ৰ লোন লোৱাসকলৰ বাবেও অচিৰেই কিছু সকাহ অহাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বানক জটিল দুৰ্যোগ বুলি ঘোষণা কৰাৰ পাছতে এইক্ষেত্ৰত ক্ষতিগ্রস্ত বানাক্ৰান্তই সকাহ লাভ কৰিব।