বাটৰ কথাৰে-দেৱ প্ৰসাদ বৰা

Pc Istock

বাটৰ কথাৰে

কিয় জানো অহাৰ বাটেৰে উভতি যাবৰ মন,
ৰূদ্ধ আজি সকলো বাট উভতাৰো নাই ক্ষণ ।
পদুলিতে বাটধৰি মই বহুদুৰ আগুৱালো,
মনটোৱে ঘুৰি চাই কি এৰি কিনো পালোঁ ।
উখৰা মোখৰা বাটৰ উজুটিবোৰৰ কথা,
আজি ধুলিয়ৰি কাইলৈ আঁঠুৱণীয়া বোকা।
ভগাদলং ছিগা বাট চুলিদালহেন সাঁকো,
হেলাৰঙে বাটকুৰি বালো নাই ভয়ভীত একো।
সেইয়াও আছিল সুখৰ দিনৰ মধুৰ গাঁথা,
মনত পৰিলে আজি নালাগে অকনো বেথা।
ভাগৰুৱা বাটৰুৱাৰ জিৰণীয়া বৰগছ জোপা,
ধুমুহাতো নুঘলিল নাই আজি চিনচাব এটা।
তুমি-মই চিনাকি-অচিনাকি বাট বুলো একেলগে,
মই যদি থমকিছোঁ তেওঁলোক আগবাঢ়ে ।
বাট এৰি আওবাটে যায় যদি কোনোলোক,
বাটতে হেৰাই গ’লে নকৰে কোনোৱে শোক।
বাটৰ পোখা গজে বাটে পোৱালি মেলে,
অচিনাকি বাটেৰে বাটৰুৱাই নিজৰ বাটধৰে।
সোঁওফালে মোৰ পাৰ হৈ যায় অচিন পথিক,
নেলাগে বাট-কেঁৰা তেওঁলোকৰ বাটো সঠিক।
……
যিমানে মসৃণ বাট আজি সুচল হ’ল,
সিমানেই পিছল বাট খোপনিহে ন’ৰল।
খোপনি লৰাতকৈ উজুটি খোৱাও ভাল,
বাট হেৰুওৱাতকৈ উভতি যোৱাই ভাল।
সহজ বাটত পথিকৰ ভিৰ বাঢ়িল,
ভিৰৰ মাজত আজি সহযাত্ৰী কমিল।
উৰুঙা বাটৰো সুৰুঙা পাবলৈ টান,
ভিৰৰ মাজেৰে বাৰু কেনেকৈ উভতি যাম।
……
বাটত বাট হেৰাই নে বাটতে হেৰাই বাটৰুৱা ,
বাটে বাটে আহি আছোঁ সমিধান নাইপোৱা।
বাটত বাট বুলিবলৈ আৰুনো কিমান বাকী ,
নেহেৰাওঁ বুলি ভাবো কেনেকৈ কওঁনো ডাঠি ।।

দেৱ প্ৰসাদ বৰা
গোলাঘাট