বাজপেয়ী ভৱনত নৱনিৰ্বাচিত তিনি বিধায়কক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্বর্ধনা

বাজপেয়ী ভৱনত নৱনিৰ্বাচিত তিনি বিধায়কক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্বর্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত সদ্যসমাপ্ত উপ- নির্বাচনত বিজয়ী দলটোৰ তিনি বিধায়ক ক্রমে দিপুৰঞ্জন শৰ্মা, দিগন্ত ঘাটোৱাল আৰু নিহাৰৰঞ্জন দাসক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্বর্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে উপ-নিৰ্বাচনৰ ফলাফল প্রকাশৰ পাছত অসম বিধানসভাত বিজেপি একক সংখ্যাগৰিষ্ঠ দললৈ ৰূপান্তৰ হ’ল। মিত্রদলক বাদ দিও বিজেপি একক সংখ্যাগৰিষ্ঠ দললৈ ৰূপান্তৰিত হ’ল। বিজেপি দলে মিত্রতাক বিশ্বাস কৰে। মিত্ৰতাক বিশ্বাস কৰে বাবেই এইবাৰ উপ- নির্বাচনত বিজেপিয়ে বঙাইগাঁও আৰু চিদলীৰ আসন দুখন মিত্ৰদল অগপ আৰু ইউপিপিএলক এৰি দিছে। কাৰণ, ২০২১ চনত হোৱা মিত্রতা অহা ২০২৬ চনলৈ আছে। সেয়ে এইবাৰ উপ-নির্বাচনত বঙাইগাঁও আৰু চিদলীৰ আসন দুখন মিত্রদল অগপ আৰু ইউপিপিএলক এৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বিপিএফে বিজেপিৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হোৱাৰ পাছতো দলটোৰ তিনি মন্ত্রী ক্ৰমে প্রমীলাৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীক মন্ত্রীসভাত অন্তিম মুহূৰ্তলৈ ৰাখিছিল। কাৰণ, সেই সময়তো বিপিএফৰ সৈতে হোৱা মিত্রতা ৫ বছৰীয়া আছিল। মিত্ৰতাৰ ধৰ্ম ভংগ নকৰাৰ বাবেই বিপিএফৰ তিনি মন্ত্ৰীক অন্তিম মুহূৰ্তলৈ মন্ত্রীসভাত ৰখা হৈছিল। কিন্তু কংগ্ৰেছ দলে মিত্ৰতাৰ ধৰ্ম পালন নকৰে। ২০২১ চনত বিহালীৰ আসনখন চিপিআই (এমএল) দলক এৰি দিছিল। এইবাৰ উপ-নির্বাচনত কংগ্রেছে মিত্রদল চিপিআই (এমএল) ক এৰি দিয়াৰ পৰিৱৰ্তে নিজে প্রতিদ্বন্দ্বিতা কৰিলে। কংগ্ৰেছ বা চিপিআই (এমএল) যিয়েই প্রতিদ্বন্দ্বিতা নকৰক কিয়, বিহালীত হৰাটো নিশ্চিত আছিল। কিন্তু কংগ্ৰেছে হৰাৰ অধিকাৰো মিত্রদলক দিয়া নাই। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ আদৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ আদৰ্শ হৈছে ৰাজপৰিয়াল। কিন্তু আমাৰ আদৰ্শ ৰাজপৰিয়াল নহয়। কংগ্ৰেছে শাসনৰ বাঘজৰী ৰাজপৰিয়ালৰ বাহিৰে কাকো এৰি নিদিয়ে। নামত যিয়েই নাথাকক কিয়, শাসনৰ বাঘজৰী কংগ্রেছে ৰাজপৰিয়ালৰ হাততে ৰাখে। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে এইবাৰ যি পাঁচ বিধানসভা সমষ্টিৰ উপ- নির্বাচন অনুষ্ঠিত হৈছে ভৌগোলিক দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূর্ণ। উজনি অসম আৰু পাহাৰীয়া জিলাক বাদ দি ৰাজ্যখনৰ প্ৰতিটো ভৌগোলিক খণ্ডতে একোটাকৈ সমষ্টিত উপ-নির্বাচন হৈছে। মধ্য অসমৰ চামগুৰিত, উত্তৰ অসমৰ বিহালীত, বৰাক উপত্যকাৰ ধলাইত, বিটিআৰৰ চিদলীত আৰু নামনি অসমৰ বঙাইগাঁৱত হোৱা এই উপ-নির্বাচনত সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ মনৰ বুজ লোৱাৰ সুযোগ পোৱা গৈছে। উপ-নির্বাচন হোৱা পাঁচ সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টি বিজেপি আৰু মিত্রজোটৰ হাততে আছে। চামগুৰি সমষ্টিটো সুদীর্ঘ ২৫ বছৰ ধৰি কংগ্ৰেছৰ হাতত আছিল। চামগুৰিত আমাৰ দলৰ বিজয় জনগাঁথনিগত দিশৰ পৰা যথেষ্ট কঠিন আছিল। প্রথমাৱস্থাত আমিও চামগুৰিত জয়ী হ’ম বুলি ভবা নাছিলোঁ। যোৱা লোকসভা নির্বাচনত ৬৫ শতাংশ সংখ্যালঘু  ভোটাৰ থকা সত্ত্বেও কৰিমগঞ্জত মানুহৰ মানসিকতাৰ যি পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছিল, একেই পৰিৱৰ্তন লাভ কৰা গ’ল এইবাৰ চামগুৰিত। এইবাৰ চামগুৰিত বিজেপিৰ বিজয় হৈছে যোৱা লোকসভা নির্বাচনত কৰিমগঞ্জত লাভ কৰা সাফল্যৰ সম্প্ৰসাৰণ। বিজেপিয়ে তুষ্টিকৰণৰ ৰাজনীতি নকৰে। কিন্তু ন্যায় প্ৰদানৰ ক্ষেত্ৰতো ক্ৰুটি নকৰে। ধর্ম নির্বিশেষে সকলোৱে চৰকাৰৰ সকলো আঁচনিৰ সুযোগ লাভ কৰিছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ যাওঁতে চামগুৰিত কংগ্ৰেছৰ সমৰ্থক  একাংশই শিল-লাঠীৰে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ কথা উল্লেখ কৰি ভাষণত তেওঁ কয় যে সমষ্টিটোৰ যি মোৱামাৰী পঞ্চায়ত অঞ্চলত এই ঘটনা সংঘটিত হৈছিল এইবাৰ উপ-নির্বাচনত সেই অঞ্চলৰ সংখ্যালঘু ৰাইজে বিজেপিক ভোটদান কৰিছে। বিহালীত এইবাৰ উপ-নির্বাচনৰ বিশেষত্ব হৈছে চাহ শ্রমিকৰ সন্তান যাৰ পিতৃ চাহ বাগিচাৰ চকীদাৰ আছিল, সেই দিগন্ত ঘাটোৱাল বিধানসভালৈ নির্বাচিত হৈছে। ইয়াৰ বাহিৰে বিহালীৰ নিৰ্বাচনত আন বিশেষত্ব নাই। বিহালী সমষ্টিত কংগ্ৰেছৰ গৌৰৱোজ্জ্বল মুহূৰ্ততো ৰঞ্জিত দত্ত বিধায়ক হিচাপে জয়ী হৈছিল। ধলাই সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক নিহাৰৰঞ্জন দাসো সাধাৰণ পৰিয়ালৰ লোক বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দিপ্লুৰঞ্জন শৰ্মা, দিগন্ত ঘাটোৱাল, নিহাৰৰঞ্জন দাস নিজৰ পৰিচয়ৰে আজি আগবাঢ়িছে। তেওঁলোকৰ পিতৃৰ নাম কোনেও নাজানে। তেওঁলোক কোনো ৰাজপৰিয়ালৰ সন্তানো নহয়।  মুখ্যমন্ত্রীগৰাকীয়ে বঙাইগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দীপ্তিময়ী চৌধুৰী, চিদলীৰ নৱনিৰ্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মকো ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্রী ডাঃ ৰণোজ পেণ্ড, পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সাংসদ ৰঞ্জিত দত্ত, মেয়ৰ মৃগেন শৰণীয়া আদি উপস্থিত থাকে।