বাংলাদেশৰ যুৱকৰ সৈতে আলফা নেতা অনুপ চেতিয়াৰ কন্যাৰ বিয়া

Pc ETV Bharat

বাংলাদেশৰ যুৱকৰ সৈতে আলফা নেতা অনুপ চেতিয়াৰ কন্যাৰ বিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশৰ যুৱকৰ সৈতে আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ বিয়া।বন্যা বৰুৱাৰ দৰাৰ নাম অনিৰ্বাণ চৌধুৰী।দুৰ্গাপূজাৰ সময়তে অনুপ চেতিয়া আৰু মণিকা বৰুৱাৰ কন্যা বন্যাৰ বিবাহকাৰ্য সম্পন্ন হয়।দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বাংলাদেশৰ সন্তান তথা অষ্ট্ৰেলিয়া নিৱাসী অনিৰ্বাণ চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱা।বন্যা বৰুৱাই বাংলাদেশৰ ধানমান্দিস্থিত মাষ্টাৰমাইণ্ড আন্তঃৰাষ্ট্ৰীয় স্কুলত পঢ়ি থকা কালত লগ পাইছিল অনিৰ্বাণক।মাষ্টাৰমাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলত অনিৰ্বাণৰ সৈতে একেলগে পঢ়িছিল বন্যাই।শেষত দুয়োগৰাকীৰ প্ৰেমক আলফা নেতাগৰাকীৰ পৰিয়ালে স্বীকৃতি দিয়ে আৰু দুৰ্গাপূজাৰ সময়তে বিবাহকাৰ্য সম্পন্ন কৰে।৩০ অক্টোবৰৰ পৰা ২ অক্টোবৰলৈ সামাজিক নীতি-নিয়মেৰে বিয়াত কৰিবলগীয়া নিয়মবোৰ কৰা হ’ল যদিও মূল বিয়াখন হ’বগৈ অষ্ট্ৰেলিয়াত।২৫ নম্বেম্বৰত মেলবৰ্ণৰ ইছকন মন্দিৰত বিবাহপাশত বহিব বন্যা বৰুৱা।