বাংলাদেশৰ পৰা অহা ৫টা জেহাদীৰ এতিয়াও ইমামৰ বেশত আত্মগোপন

PC DNA India

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰত উপ-মহাদেশত আল কায়দাৰ (একিউআইএছ) সৈতে সম্পৰ্ক থকা বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা দলৰ (এবিটি) সৈতে সম্পৰ্ক থকা বাংলাদেশী নাগৰিকসহ ২৫ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত  অসম চৰকাৰে অতি শীঘ্ৰেই বাধ্যতামূলক কৰিব আৰক্ষী সত্যাপন আৰু অনলাইন পঞ্জীয়ন। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীজনে বাংলাদেশৰ পৰা অসমলৈ আহি ৬ টাকৈ জেহাদীয়ে আত্মগোপন কৰি থকাৰ ভয়ংকৰ খবৰ প্ৰকাশ কৰে৷ তেওঁ কয় যে বাংলাদেশৰ পৰা আহি অসমত ৬ টাকৈ জেহাদীয়ে আত্মগোপন কৰি আছে৷ সকলোৱে অসমৰ বিভিন্ন স্থানত ইমামৰ বেশ ধৰি আছে৷ তাৰে এটা জেহাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হ’ল যদিও এতিয়াও ৫টা জেহাদীয়ে অসমতে আত্মগোপন কৰি আছে৷ তেওঁ এতিয়াৰ পৰা অসমৰ কোনো মছজিদ বা ধৰ্মীয় মাদ্ৰাছাত নতুন ইমাম আৰু শিক্ষকক নিযুক্তি দিলেই আৰক্ষীক সকলো তথ্য-পাতি দিবলৈ তেওঁ অসমৰ মুছলমান সমাজলৈ আহবান জনায়৷অসমৰ মুছলমান সমাজে চৰকাৰৰ আহবানৰ প্ৰতি সহযোগ কৰা বুলিও তেওঁ প্ৰকাশ কৰে৷ তেওঁ লগতে সদৰী কৰে যে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা বাংলাদেশৰ জেহাদীটো অসমত জেহাদীৰ জাল পেলোৱা কাৰ্যৰ অন্যতম মূল খলনায়ক আছিল৷ তেওঁ লগতে কয় যে, চৰকাৰে এক নতুন SOP তৈয়াৰ কৰিছে যাৰ জৰিয়তে নাগৰিকসকলে স্থানীয় আৰক্ষীক বহিঃৰাজ্যৰ পৰা অহা ইমাম সম্পৰ্কে অৱগত কৰিব লাগিব আৰু যাতে আৰক্ষীয়ে সেই ইমামজনে নিজ কৰ্মৰাজি আৰম্ভ কৰাৰ আগতে তেওঁৰ পূৰ্বসূৰীৰ বিষয়ে পৰীক্ষা কৰিব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে এটা পৰ্টেল আৰম্ভ কৰিব যাৰ জৰিয়তে বাহিৰৰ পৰা অহা ইমামসকল আৰু ব্যক্তিগত মাদ্ৰাছাৰ শিক্ষকসকলে নিজকে পঞ্জীয়ন কৰিব লাগিব। বৰ্তমানলৈকে এই SOP বা পৰ্টেলৰ আৰম্ভণি কেতিয়া হ’ব সেই বিষয়ে জানিব পৰা যোৱা নাই। লগতে মুখ্যমন্ত্ৰীজনে অসমৰ স্থানীয় লোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় বুলিও স্পষ্ট কৰে৷