ব’হাগৰ জাননী বিলাই- সমুজ্জ্বল ডেকা

Pc Wikipedia
ব’হাগৰ জাননী বিলাই
      সমুজ্জ্বল ডেকা,
ৰঙিয়া
প্ৰেমৰ বৰষুণত ভিজি
মৰমৰ জ্বৰত আক্ৰান্ত,
আহিছে হৃদয় জুৰাই
হেঁপাহৰ বসন্ত।
কপৌ ফুলিছে,
ব’হাগ আহিছে,
প্ৰাণ পাই উঠিছে,
মৰহা ফুলৰ পাহি।
পুষ্পৰ পাহিতে যেন
তোমাৰ হাঁহি…
কুলি-কেতেকীৰ বিননিত
নাচনীৰ মন উৰে নাচিবলৈ,
ঢুলীয়াৰ ঢোলৰ শব্দত
মগ্ন হৈ…
মায়ে বনোৱা পিঠা-লাড়ুৰ ব্যঞ্জন,
বিহু আহিলে অন্তৰত উদ্ভৱ মনোৰঞ্জন।
অলেখ গামোচা বনাই আনে সন্মান,
বিহুৰ দিনাখনত দিয়ে বিহুৱান।