বসুন্ধৰা অভিযানৰ অধীনত অহা ৩০ নৱেম্বৰলৈকে নিজৰ ভূমি সংক্রান্তীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিব পাৰিব

pc GovjobinAssam.in

বসুন্ধৰা অভিযানৰ অধীনত অহা ৩০ নৱেম্বৰলৈকে নিজৰ ভূমি সংক্রান্তীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিব পাৰিব

ৰাজ্যৰ জনসাধাৰণে বসুন্ধৰা অভিযানৰ অধীনত অহা ৩০ নৱেম্বৰলৈকে নিজৰ ভূমি সংক্রান্তীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিব পাৰিব। যোৱা ২ অক্টোবৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা মিছন বসুন্ধৰা অভিযানৰ জৰিয়তে ভূমি সংক্রান্তীয় দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ৯টা পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপসমূহৰ ভিতৰত উত্তৰাধিকাৰী সূত্রে নামজাৰি, দলিল সূত্রে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পটাৰ ম্যাদী পটাকৰণ, মাটিৰ শ্ৰেণীৰ পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল অথবা স্বত্ববিহীন নাম পট্টীকৰণ, আবণ্টিত মাটিৰ ম্যাপিট্ৰাকৰণ, ভূমি নথিৰ সংশোধনী আৰু ভূমি নথিত পটাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভূক্তিকৰণৰ ব্যৱস্থা কৰা হৈছে। ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা এই অভিযানৰ বাবে জনসাধাৰণে বসুন্ধৰা পোর্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে। এই অভিযানৰ জৰিয়তে ভূমিহীন খিলঞ্জীয়া লোকক ভূমি অধিকাৰ প্ৰদানৰ বাবে অনা-জৰীপ গাঁৱৰ জৰীপ ব্যৱস্থা কৰাৰ লগতে জৰীপকৃত গাঁৱৰ পুনৰ জৰীপৰ দ্বাৰা ভূমি সম্পৰ্কীয় বিবাদ দূৰীকৰণৰ পথ প্রশস্ত হ’ব। জনসাধাৰণে বিতং তথ্যৰ বাবে basundhara.assam.gov.inত যোগাযোগ কৰিব পাৰিব। অহা বছৰৰ ১০ মেৰ পূৰ্বে চৰকাৰে এই আবেদনসমূহত উল্লেখিত সমস্যাসমূহ সমাধান কৰিব। উল্লেখযোগ্য যে মিছন বসুন্ধৰাৰ অধীনত এতিয়ালৈ ১ লাখ ৪২ হাজাৰৰো অধিক লোকে ভূমিৰ সমস্যা সমাধানৰ বাবে আবেদন কৰিছে। ইফালে, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে প্রতি সোমবাৰে নিশা ৮ বজাত ৰাজহ বিভাগৰ সজাগতা সন্দৰ্ভত ‘ভূ-প্রজ্ঞা’ শীর্ষক অনুষ্ঠান প্রচাৰ কৰি আহিছে। অহা ১৫ নৱেম্বৰত প্ৰচাৰ হ’বলগীয়া ‘অসমৰ ভূমি নীতি’ শীর্ষক অনুষ্ঠানত ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ দায়িত্ববাহী বিষয়া দিলীপ দাস উপস্থিত থাকিব। জনসাধাৰণক ভূমি সম্পৰ্কীয় বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰাৰ বাবে এই অনুষ্ঠান প্ৰচাৰ কৰা হৈছে। শ্ৰোতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভূমি সম্পৰ্কীয় সমস্যা আলোচনা কৰিব পাৰিব।