বসন্তৰ আগমন- নিলাক্ষী শৰ্মা

pc gorajan goodluck tutor Centre

বসন্তৰ আগমন

পছোৱা বতাহ জাকে

ধৰালৈ আনিলে বসন্তৰ আগমন।

বহুত দিনৰ অপেক্ষা ত থকা

বিৰিখে যেন প্ৰাণ পাই উঠিছে

আৰু প্ৰাণ পাই উঠিছে

নিজকে বিহুলৈ সজাই তোলাৰ অপ্ৰাণ চেষ্টাই।

আহঁতৰ কোমল পাতৰ মাজেদি সকলো নির্জনতা ভেদ কৰি

ভাঁহি আহিছে কুলি চৰাইৰ দৰদী মাত।

নাহঁৰ কেতেকী ৰ গোন্ধই চৌদিশ আমোলমোলাই গৈছে।

জাগি উঠিছে মনত বিহু বুলি সাঁচি ৰখা নানা আশা।

দুৰৈৰ ঢোল পেঁপাৰ শব্দ ই নাচনী হতঁক বাউলী কৰিছে।

কিমান যে সপোন,বিহুতো বুলি।

সকলোৱে দিলে বহাগৰ এক মিঠা শিহৰণ

বসন্তৰ আগমন।

নিলাক্ষী শৰ্মা

দক্ষিণ পাট সত্ৰ (নগাঁও)