বর্ধিত বিদ্যুৎ মাচুল, প্রি-পেইড মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদলৈ সমৰ্থনৰ আহ্বান সভাপতি ডা° ভবেন চৌধুৰীৰ

Pc The Sentinel Assam

বর্ধিত বিদ্যুৎ মাচুল, প্রি-পেইড মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদলৈ সমৰ্থনৰ আহ্বান সভাপতি ডা° ভবেন চৌধুৰীৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  বর্ধিত বিদ্যুৎ মাচুল, প্রি-পেইড মিটাৰৰ প্ৰতিবাদত আৰু অত্যাধিক লোড শ্বেডিঙৰ বিৰুদ্ধে আম আদমি পার্টীয়ে কৰিবলগীয়া প্ৰতিবাদলৈ নাগৰিক সমাজ, দল- সংগঠনক সমর্থন জনাবলৈ আহ্বান আপ অসমৰ সভাপতি ডা° ভবেন চৌধুৰীৰ। উল্লেখ্য যে ১৩ জুন, মঙলবাৰে আদমি পাৰ্টীয়ে সমগ্র অসমতে সমষ্টিয়ে সমষ্টিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। উক্ত প্রতিবাদী কাৰ্যসূচীলৈ সকলো নাগৰিক সমাজ আৰু দল- সংগঠনৰ সমৰ্থন বিচাৰিছে ডা° ভবেন চৌধুৰী ডাঙৰীয়াই। লগতে উক্ত প্রতিবাদী কাৰ্যসূচীত সকলোকে অংশ গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়। প্রায় প্রতি মাহে বিদ্যুৎ মাচুল ৩০ৰ পৰা ৭০ পইচা পর্যন্ত চৰকাৰে বৃদ্ধি কৰি আছে। ইয়াৰ বিপৰীতে বিজুলী যোগান ধৰিব পৰা নাই এ পি ডি চি এলে। তদুপৰি প্রি-পেইড মিটাৰৰ নামত অতিৰিক্ত বৃহৎ পৰিমাণৰ মাচুল ভৰিবলগীয়া হৈছে গ্ৰাহকে। আগত যদি এটা পৰিয়ালৰ মাহে বিদ্যুৎ মাচুল ২০০০ টকা আহিছিল, এতিয়া প্রি-পেইড মিটাৰ সংযোগ কৰাৰ পাছত সেই পৰিয়ালটোৰ দিনে ৩০০ৰ পৰা ৪০০ টকাৰ মাচুল আগতীয়াকৈ দিবলগীয়া হৈছে। অর্থাৎ পৰিয়ালটোৱে প্রি-পেইড মিটাৰ সংযোগ কৰাৰ পাছত মাহে ১০ হাজাৰ পৰ্যন্ত মাচুল ভৰিবলগীয়া হৈছে। এনে প্ৰেক্ষাপটত আম আদমি পাৰ্টীয়ে এ পি ডি চি এলৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিব৷