বন সংৰক্ষণ আইন সংশোধনী বিল ২০২৩ প্ৰত্যাহাৰৰ দাবী এআইডিএছঅ’ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৰণ্যৰ অধিকাৰ আইন 2006 সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা আৰু জনবিৰোধী বন সংৰক্ষণ অধিনিয়ম – 2022 আৰু বন সংৰক্ষণ আইন সংশোধনী বিল -2023 শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবীত অল ইণ্ডিয়া জন অধিকাৰ সুৰক্ষা কমিটীৰ আহ্বানত সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ দিৱস পালন কৰা হয় । অল ইণ্ডিয়া জন অধিকাৰ সুৰক্ষা কমিটীৰ অসম ইউনিতৰ আহ্বানত কেইবাখনো জিলাত এই দিৱস পালন কৰা হয়। এই উপলক্ষে সংগঠনৰ ভালেসংখ্যক সদস্যই গুৱাহাটী-শ্বিলং পথৰ উলুবাৰী চাৰিআলি অভাৰব্ৰীজৰ ওচৰত সমবেত হয় আৰু প্লেকাৰ্ড ,বেনাৰ লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। অৰণ্যৰ অধিকাৰ আইন 2006 সম্পূৰ্ণৰূপে প্ৰয়োগ কৰক, জনবিৰোধী বন সংৰক্ষণ অধিনিয়ম -2022 বাতিল কৰক, বন সংৰক্ষণ আইন সংশোধনী বিল -2023 প্ৰত্যাহাৰ কৰক, আদিবাসীসকলক উচ্ছেদ কৰা নচলিব , অৰণ্যবাসীসকলৰ অধিকাৰ হৰণ কৰা নচলিব ,বনভূমিক আন কামত ব্যৱহাৰ কৰা নচলিব, আইন কৰি বনভূমি পুঁজিপতিসকলক গতাই দিয়া নচলিব, বনভূমি ধ্বংস কৰি পৰিবেশ বিঘ্নিত কৰা নচলিব, বনভূমিত বসবাসকাৰী দুখীয়া মানুহক উচ্ছেদ কৰি ভিক্ষাৰী বনোৱাৰ ষড়যন্ত্ৰ বন্ধ কৰক , ক্ষতিকাৰক পাম খেতি বন্ধ কৰক, পাম খেতিৰ নামত পুঁজিপতিক অসমৰ মাটি হস্তান্তৰ কৰা নচলিব, বনভূমিত বসবাসকাৰী সকলো মানুহক মাটি পট্টাৰ ব্যৱস্থা কৰক ইত্যাদি শ্লোগানেৰে বিক্ষোভ থলী উত্তাল কৰি তোলে। বিক্ষোভৰ অন্তত অধ্যাপক আব্দুছ চবুৰ, সমাজকৰ্মী শিশিৰ কাকতিৰ উপস্থিতিত বক্তব্য দাঙি ধৰে অজিত আচাৰ্য্য আৰু মৃত্যুঞ্জয় ৰাভাই। বক্তাসকলে বন সংৰক্ষণ আইন সংশোধনী বিল -2023 ৰ প্ৰয়োগ কৰিলে অৰণ্য অধিকাৰ আইন -2006 ৰ মতে আদিবাসী, পৰম্পৰাগত অৰণ্যবাসীৰ গাঁওসভাৰ সন্মতি লোৱাৰ যি বাধ্যতামূলক নিয়ম আছিল সেয়া সম্পূৰ্ণৰূপে খৰ্ব কৰিব ।এই জংঘলৰ মাটি আন কামত ব্যৱহাৰ হ’লে লাখ লাখ গছ কটা যাব যিটোৱে পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত কৰিব। বক্তা সকলে এই জনবিৰোধী বন সংৰক্ষণ আইন সংশোধনী বিল-2023 ৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ বাবে সৰ্বস্তৰৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান জনায়।