বন্ধ সংস্কৃতি কেতিয়া বন্ধ হ’ব – সত্যজিৎ গগৈ

Pc Peakpx
বন্ধ সংস্কৃতি কেতিয়া বন্ধ হ’ব
সত্যজিৎ গগৈ,
নাহৰকটীয়া, ডিব্ৰুগড়
বন্ধ বুলি কলে বহুতৰে মনত এক আনন্দৰ জোৱাৰ উঠে।চৰকাৰী চাকৰিয়াল সকলৰ কাৰণেতো আটাইতকৈ সুখৰ দিন।তেওঁলোকৰ বাবে মাহটোৰ চাৰিটা দেওবাৰৰ বাদে বাকী দিনবোৰ ব্যস্ততাৰে পাৰ কৰিব লগীয়া হয়।সেয়েহে বন্ধ বুলি শুনাৰ লগে লগে তেওঁলোকৰ মনত স্ফুৰ্তিৰ সঞ্চাৰ হয়।কিন্তু বন্ধ বুলি কোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰী,গৃহিণী সকল আৰু কিছু জনসাধাৰণৰ বাবে মূৰৰ কামোৰণি।কিয়নো গোলকীয় উষ্ণতাৰ ধামখুমীয়াত শিক্ষাই দ্ৰুত অগ্ৰগতি লাভ কৰিছে।শিক্ষাৰ ন-ন নীতি নিয়মেৰে উন্নত দেশৰ শিক্ষা ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰা হৈছে।তেনে ক্ষেত্ৰত বন্ধই ছাত্ৰ-ছাত্ৰী সকলৰ মনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে।সেয়া সকলোৰে অনুমেয়।বন্ধৰ প্ৰকোপে সাধাৰণতে নগৰীয়া  গৃহিণী সকলৰ ওপৰত বেছি প্ৰভাৱ পেলায়।সাধাৰণ শ্ৰেণীৰ জনসাধাৰণো কম-বেছি পৰিমাণে বন্ধৰ দ্বাৰা প্ৰভাৱান্বিত হয়।আনহাতে বন্ধ বুলি শুনাৰ লগে লগেই ব্যৱসায়ী মহলত লাভৰ হিচাপ আৰম্ভ হয়।কিয়নো বন্ধ হোৱাৰ লগে লগে সকলো ব্যৱসায়ীয়ে বিভিন্ন অজুহাতত সামগ্ৰী সমূহৰ দাম বৃদ্ধি কৰে।ফলত সৰ্বসাধাৰণ জনতাই ৰাম টাঙোন খাব লগীয়া হয়।বিভিন্ন দল-সংগঠনৰ এনে ধৰণৰ বন্ধৰ ফলত এটা সময়ত সাধাৰণ জনতাই জীয়াতু ভূগিব লগীয়া হৈছিল।সেই সময়ত বন্ধৰ দিন ইমানেই বৃদ্ধি পাইছিলগৈ যে বছৰটোৰ ৩৬৫ দিনৰ এক তৃতীয়াংশই বন্ধৰ নামত উচৰ্গা কৰিব লগীয়া হৈছিল।মাত্ৰ চৰকাৰে বিভিন্ন দল-সংগঠন সমূহক আগতীয়াকৈ আবেদন কৰি কোন তাৰিখত কি আন্দোলন হ’ব।তাৰ হিচাপ লৈ কেলেণ্ডাৰত লিপিবদ্ধ কৰিবলৈহে বাকী থাকিল।এনে বৰ্ধিত দল-সংগঠন সমূহৰ আকস্মিক বন্ধই  সকলোকে চিন্তাম্বিত কৰি তুলিছিল।এনে ধৰণৰ বন্ধ সমূহে আমাক কিমান উপকাৰ কৰিছিল।আজিৰ তাৰিখত ই এক ভাবিবলগীয়া প্ৰশ্ন।যাৰ ফলত অসমখন এখোজ উন্নতিৰ পথত বগাই তিনি খোজ অধোন্নতিৰ জখলাত বগাই তললৈ নামি আহিছিল।যিদিনাই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত ড° হিমন্ত বিশ্ব শৰ্মা বহিল।সেই দিনৰ পৰাই অসমত দল-সংগঠন সমূহৰ বন্ধ সংস্কৃতি কমিবলৈ ধৰিলে।ই এক শুভ লক্ষণ। পিছে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ লগে লগেই ড° শৰ্মাই যেন  দল-সংগঠন সমূহৰ পৰা বন্ধ সংস্কৃতিটো কাঢ়ি আনি চৰকাৰী বন্ধলৈ পৰিৱৰ্তন কৰিলে।কিয়নো আজিৰ দিনত  চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ একাডেমিক কেলেণ্ডাৰত শিক্ষাদানৰ দিনতকৈ বন্ধৰ দিনৰ সংখ্যাহে বেছি হোৱা দেখিবলৈ পোৱা যায়।কিবা এটা দিৱস পালন কৰিবলৈ আজিৰ চৰকাৰে দিৱসৰ আগত চাৰি দিনমান আৰু পিছত চাৰি দিনমান মিলাই মুঠ ৯/১০ দিনীয়া দিৱস উদযাপনৰ বাবে জাননী প্ৰেৰণ কৰে।এইয়া আকৌ চৰকাৰৰ কেনে নীতি। এহাতে পৰিৱৰ্তনৰ নামত দল-সংগঠন সমূহে দিয়া বন্ধ কাৰ্যসূচী বন্ধ কৰে আনফালে চৰকাৰী বন্ধৰ লগত সেই ধৰণৰ অপ্ৰয়োজনীয় বন্ধ কিছুমান দিয়ে ।যাৰ ফলত নতুন শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।এই ক্ষেত্ৰত ফটা ঢোল বজোৱা চৰকাৰখনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে !