বন্ধ আৰু সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰি মণিপুৰক উন্নয়নৰ পথলৈ আনিছে
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি চৰকাৰে মণিপুৰৰ পৰা উগ্ৰপন্থা আৰু বন্ধমুক্ত কৰিছে।ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ মৈৰাঙত জনসভা সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰি কয় যে কংগ্ৰেছৰ শাসনকালত মণিপুৰত সন্ত্ৰাসৰ পৰিস্থিতি আছিল। কিন্তু এতিয়া সৰু ৰাজ্যখনত সুশাসন চলাইছে বিজেপিয়ে। মৈৰাঙৰ জনসভাৰ পূৰ্বে ভার্চুৱেলী ৩০০ কোটি টকা ব্যয়সাপেক্ষ ১২টা প্রকল্প উদ্বোধন কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ১,০০৭ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কেইবাটাও অভিলাষী আঁচনি মুকলি কৰি জনসভা সম্বোধন কৰা কেন্দ্ৰীয় গৃহমন্ত্রী শাহে কয় যে বিজেপি চৰকাৰে উগ্ৰপন্থাক পৰাভূত কৰিছে আৰু ৬খন জিলাৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিছে। তদুপৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উত্তৰ-পূৰ্বাঞ্চলত আঠ বছৰৰ কম সময়তে ৩.৪৫ লাখ টকা বিনিয়োগ কৰা প্ৰসংগ উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে এই সময়ছোৱাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটো ৫১বাৰ ভ্ৰমণ কৰিছে। মণিপুৰৰ মুখ্যমন্ত্রী এম বীৰেন সিঙৰ নেতৃত্বত ড্রাগ্ছ সৰবৰাহৰ বিৰুদ্ধে বিশাল অভিযান চলাই থকা বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে বিজেপিয়ে পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে মণিপুৰক ড্ৰাগছমুক্ত কৰিব । গৃহমন্ত্রী শ্বাহে মুকলি কৰা প্ৰকল্পসমূহৰ ভিতৰত ছাংগাইথেলৰ মণিপুৰ অলিম্পিয়ান পাৰ্ক, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ এটা পেইড প্রাইভেট ৱাৰ্ড, মৰে চহৰৰ পানী যোগান আঁচনি আদি আছে। আধাৰশিলা স্থাপন কৰাৰ ভিতৰত ৪০খন আৰক্ষী চকী আছে। ইয়াৰে ৩৪খন ভাৰত-ম্যানমাৰ আন্তৰ্জাতিক সীমান্তত আৰু বাকী ছয়টা ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন। জনসভা সম্বোধন কৰাৰ পূর্বে আজি পুৱা গৃহমন্ত্রী শাহে মৈৰাঙত ইণ্ডিয়ান নেচনেল আৰ্মীৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা উত্তোলন কৰে আৰু চুৰা চন্দ্ৰপুৰৰ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে। ইপিনে, ঐতিহাসিক প’ল’ খেলৰ কেন্দ্ৰ মণিপুৰৰ মাৰি জিং প’ল’ কমপ্লেক্সত ১২০ ফুট উচ্চতাৰ প’ল’ খেলুৱৈৰ প্ৰতিমূৰ্তি এটা উন্মোচন কৰে গৃহমন্ত্ৰী শ্বাহে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰক অনেকে প’ল’ খেলৰ জন্মস্থান বুলি উল্লেখ কৰে।