বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দি মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ

বন্ধুৰ জন্মদিনত বিলাহী উপহাৰ দি মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাংগঠনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইন৷ কালি তেওঁৰ জন্মদিন আছিল৷ সেয়ে তেওঁ এসাজ খোৱাওঁ বুলি সন্ধিয়া বন্ধুবৰ্গক তেওঁৰ ঘৰলৈ মাতিলে৷ কেক অৰ্ডাৰ কৰা হ’ল৷ ইজনে সিজনে নানান উপহাৰ লৈ আহিল৷জাতীয় যুৱ শক্তিৰ তথ্য প্ৰযুক্তি সম্পাদক দেৱজিৎ ভৰালীৰ নেতৃত্বত সংগঠনটোৰ অমন হাজৰিকা, ছাইফুল ইছলাম, অসীম কাকতী আহিল সতীৰ্থৰ জন্মদিন উপলক্ষ্যে৷ হাতত উপহাৰ হিচাপে লৈ আহিল দুই কিলো বিলাহী৷জন্মদিনত অনা উপহাৰ সামগ্ৰী হিচাপে বন্ধু ইফটিকাৰলৈ তেওঁলোকে বিলাহীৰ টোপোলাটো আগবঢ়াই ক’লে, বিলাহীৰ দাম এতিয়া ১৬০ টকা কিলো৷ বজাৰত এইবিধ সামগ্ৰীয়ে আটাইতকৈ দামী৷ জন্মদিনত দামী বস্তু হিচাপে এইপদ সামগ্ৰীকে উপহাৰ হিচাপে আগবঢ়ালো; গ্ৰহণ কৰি কৃতাৰ্থ কৰিব৷অভ্যাগতসকলৰ মাজত হাঁহিৰ ৰোল উঠিল৷ মেজৰ ওপৰত কে’কৰ সৈতে অন্য উপহাৰৰ লগতে বিলাহীৰ টোপোলাটোও সজাই থৈ কে’ক কাটি যুৱ নেতাগৰাকীৰ জন্মদিন উৎযাপন কৰিলে সকলোৱে৷ বন্ধুৰ জন্মদিনত বন্ধুবৰ্গই খুহুঁতীয়া পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে বিলাহী উপহাৰ দি ব্যতিক্ৰমী কাম এটা কৰিলে যদিও ই বৰ্তমানৰ পৰিৱেশ আৰু চৰকাৰৰ অসহায় অৱস্থাৰ প্ৰতি যে এক নিদাৰুণ ৰাজনৈতিক বিদ্ৰূপ, সেয়া স্পষ্ট৷