বন্ধুত্ব : জীৱনৰ এটি অতুলনীয় অস্তিত্ব-নিকুঞ্জ শর্মা

Pc NDTV.com

বন্ধুত্ব : জীৱনৰ এটি অতুলনীয় অস্তিত্ব

বন্ধুত্বনো কি ?
সাতোৰঙী ৰামধেনুতকৈও ধুনীয়া এটি বান্ধোন
হৃদয় জীপাল কৰা এক সুন্দৰ অনুভূতি
বন্ধুত্বনো কি ?
নি:স্বাৰ্থভাৱে বান্ধ খাই থকা এডাল মজবুত শিকলি,
জীৱনৰ এটি অতুলনীয় অস্তিত্ব
কৃত্ৰিমতাবিহীন অথচ পৃথিৱীৰ আটাইতকৈ মধুৰতম সম্পৰ্ক
যাৰ প্ৰতিটো গাঁঠিয়ে সোঁৱৰাই দিয়ে যেন এই সম্পৰ্কৰ অমৰ সৃষ্টি।

বন্ধুত্ব এনে এটি পৱিত্ৰ সম্বন্ধ,
যিয়ে দি যায় এক অনন্য প্ৰাপ্তিৰ অনুভৱ
সময়ৰ গতিত যিয়ে শিকাই
জীৱন যুদ্ধত আগবাঢ়ি যোৱাৰ শিক্ষা
বিষাদৰ ৰেখা ধূলিস্যাত কৰি
আনন্দৰে জীৱন জীয়াবলৈ শিকোৱা
এটি সম্পৰ্ক হ’ল এই বন্ধুত্ব।
বন্ধুত্ব মাথোঁ এটি সম্পৰ্ক নহয়,
ই এক আপোনত্বৰ বান্ধোন
এই বন্ধুত্বই পূৰ্ণতা পাই
যেতিয়াই ইয়াত বয় বিশ্বাসৰ স্ৰোতস্বিনী।

বন্ধুত্বত কেতিয়াও ধনী-দুখীয়া, জাতি-ধৰ্ম দেখা নাযায়,
না চোৱা যায় প্রভু আৰু ভক্তৰ ভেদাভেদ ।
কেৱল চোৱা যায় মৰম-ভালপোৱা,
লগতে কিছু হাঁহি- ধেমালি আৰু বিশ্বাস।
সেয়ে হয়তো মহাভাৰতে দি থৈ গৈছে
বন্ধুত্বৰ অনন্য উদাহৰণ
ভগৱান শ্ৰী কৃষ্ণ আৰু অৰ্জুনৰ বন্ধুত্ব
শ্ৰী কৃষ্ণৰ লগত হোৱা সুদামাৰ বন্ধুত্ব।

আৰু যদি প্ৰশ্ন হয়,
বন্ধুত্বনো কি‌?
ইয়াৰ উত্তৰ হ’ব এয়াই যে
ই হ’ল জীৱনৰ লাভ কৰা এটি দুৰ্লভ উপহাৰ
যি হ’ল সাগৰৰ দৰেই গভীৰ।
ই হ’ল এক সম্পৰ্ক যিয়ে জীৱন জীয়াবলৈ শিকাই
যিয়ে সময়ৰ লগত খোজ মিলাই যাবলৈ শিকাই
যিয়ে হাজাৰ দুখ পাহৰি হাঁহিবলৈ শিকাই
যি সম্পৰ্ক কেৱল আমাৰ মাজত
চিৰ-প্ৰবাহীত নৈৰ লেখীয়াকৈ বৈ যায়।

নিকুঞ্জ শর্মা