বন্দী পক্ষী- মৌচুমী বড়া

বন্দী পক্ষী

মৌচুমী বড়া,লখিমপুৰ

মই এটি সঁজাত বন্দী পক্ষী
একোকে মই কৰিব নোৱাৰোঁ
পাখি থাকিও উৰিব নোৱাৰোঁ
ভৰি থাকিও নথকাৰ দৰে
আছো মই বন্দী সঁজাত সোমাই।
নীলা আকাশত উৰি ফুৰিবলৈ
মোৰ বহু মন যায়
কিন্তু নোৱাৰোঁ
মই থাকোঁ নীলা আকাশৰ তলত
এটি সৰু বন্দী সঁজাৰ মাজত
সকলো আশা মোৰ জঠৰ হৈয়ে ৰ’ল
বন্দী হোৱাৰ পৰা।
মোৰ সঁজাটোৰ বাহিৰে একোৱেই
নাইকিয়া হ’ল
দেহৰ ভিতৰত আছে মাথোঁ মোৰ জীৱটো
কোনোবা এদিন সিও গুচি যাবগৈ
থাকিব মাথোঁ মোৰ সঁজাৰ ভিতৰত
জীৱ নথকা দেহটো
সঁচাই মই অকলশৰীয়া বন্দী পক্ষী ।