বটদ্ৰৱাৰ ক’ৰছুং ছহিদ স্মৃতি খেলপথাৰত অনুষ্ঠিত সোনাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি

বটদ্ৰৱাৰ ক’ৰছুং ছহিদ স্মৃতি খেলপথাৰত অনুষ্ঠিত সোনাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া ক’ৰছুং ছহিদ স্মৃতি খেলপথাৰত কালিৰে পৰা দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কালি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাছত অঞ্চলটোৰ শতাধিক বিশিষ্ট, জেষ্ঠ ব্যক্তিৰ অংশ গ্ৰহণেৰে এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। পাছত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিয়লি পৰম্পৰাগত খেল ধেমালী, জেং বিহু, বাৰেৰহণীয়া বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়। আজি পাঞ্জা খেল, বিয়লি পিঠা পনা আৰু থলুৱা সাজ পাৰ প্ৰতিযোগিতাৰ পাছত সন্ধ্যা অনুষ্ঠিত হয় এক আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা। দৃশ্য শ্ৰাব্য মাধ্যমত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱাই। নিশা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকাই।