বজৰঙৰ অস্ত্ৰ প্ৰশিক্ষণ, নেতা-নেত্ৰীৰ উগ্ৰ বক্তব্যই পৰিৱেশ বিষাক্ত কৰিছে অসমৰ : গুৱাহাটীত জাতীয় পৰিষদৰ নাগৰিক সভা

বজৰঙৰ অস্ত্ৰ প্ৰশিক্ষণ, নেতা-নেত্ৰীৰ উগ্ৰ বক্তব্যই পৰিৱেশ বিষাক্ত কৰিছে অসমৰ : গুৱাহাটীত জাতীয় পৰিষদৰ নাগৰিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  কাল সাম্প্ৰদায়িকতাই ৰাজ্যৰ আকাশ মেঘাচ্ছন্য কৰি চৌদিশে হিংসাৰ বাতাবৰণ সৃষ্টিৰ পৰিৱেশৰ সূচনা কৰাৰ সময়তে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ মাৰ বান্ধি থিয় দিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসমৰ বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ নাগৰিক সমাজে৷ আজি অসম জাতীয় পৰিষদৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আজি আয়োজিত ‘সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা’ই সাম্প্ৰদায়িক হিংসাই যাতে কোনো অৱস্থাতে মুৰ দাঙি উঠিব নোৱাৰে, তাৰ প্ৰতি সচেষ্ট হৈ থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনায়৷ বিশেষকৈ সাম্প্ৰদায়িকতাকে ক্ষমতা দখলৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি অহা একাংশ ৰাজনৈতিক দলৰ নেতা-নেত্ৰী আৰু তেওঁলোকৰে পুষ্যপুত্ৰসদৃশ প্ৰতিপক্ষৰ তথাকথিত প্ৰতিবাদী দল-সংগঠন বা নেতা-নেত্ৰীৰ প্ৰৰোচনাৰ জালত ভৰি নিদিবলৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আজিৰ নাগৰিক সভাই আহ্বান জনায়৷ লক্ষ্যণীয় যে আজিৰ নাগৰিকসভাখনত স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰা বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোঁহাইয়ে সভাখনলৈ শুভেচ্ছা জনায় আৰু সভাৰ ৰাজহুৱা প্ৰস্তাৱত স্বাক্ষৰ কৰি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থিয় দিবলৈ ৰাজ্যবাসীক আহ্বান জনায়৷উল্লেখযোগ্য যে শাসকগোষ্ঠীৰ পৃষ্ঠপোষকতাত মণিপুৰত চলা গোষ্ঠী সংঘৰ্ষৰ বিষবাস্পই চুবুৰীয়া ৰাজ্যকো স্পৰ্শ কৰা আৰু তৎপৰৱৰ্তী কালত অসমৰ একাংশ ৰাজনৈতিক নেতা-নেত্ৰীয়ে শেহতীয়াকৈ উগ্ৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি থকাৰ সমান্তৰালকৈ মঙলদৈত উগ্ৰসৱে সাম্প্ৰদায়িক সংগঠন বজৰং দলে মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ লোৱা ঘটনাই ৰাজ্যৰ শান্তিকামী জনগণক উদ্বিগ্ন কৰি তুলিছে৷ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জনদিয়েক সংখ্যালঘু দল-সংগঠনৰ নেতা-নেত্ৰীয়েও প্ৰতিক্ৰিয়াশীল বক্তব্য প্ৰদানৰ লগে লগে ৰাজ্যৰ আকাশখন সাম্প্ৰদায়িকতাৰ ক’লা ধোঁৱাই আচ্ছন্ন কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ এনে পৰিস্থিতিয়ে যাতে ৰাজ্যৰ শান্তি-সম্প্ৰীতিৰ পৰিৱেশত ব্যাঘাত জন্মান্তৰ নোৱাৰে, তাৰ প্ৰতি গণ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে আজি অসম জাতীয় পৰিষদে ‘সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা’ শীৰ্ষকেৰে উক্ত সভাখনৰ আয়োজন কৰে সভাত বিশিষ্ট চিন্তাবিদ ডঃ অপূৰ্ব কুমাৰ বৰুৱা, অসম নাগৰিক সমাজৰ আহ্বায়ক পৰেশ মালাকাৰ, বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, কমল নয়ন চৌধুৰী আৰু নেকিবুৰ জানান, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন আৰু মাইনী মহন্ত, উত্তৰ পূৱ খ্ৰীষ্টান সমাজৰ মুখপাত্ৰ তথা অসম সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ এলেন ব্ৰুকছ, গুৱাহাটী গুৰুদ্বাৰ প্ৰৱন্ধন সমিতি (ফাঁচীবজাৰ)ৰ সভাপতি সুখৱিন্দৰ সিং, বিশিষ্ট শিক্ষা উদ্যোগী ডঃ জাকিৰ হুছেইন, বিশিষ্ট লেখক-চিন্তাবিদ ব্ৰজেন ডেকা, বৌদ্ধ ভিক্ষু ক্ষমানন্দ, প্ৰাক্তন অধ্যাপক ডঃ মনোৰমা বৰুৱাকে ধৰি বহুগৰাকী আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ভাষণ প্ৰসংগত বিশিষ্ট চিন্তাবিদ ডঃ অপূৰ্ব কুমাৰ বৰুৱাই কয় যে চৰকাৰে নিবিচাৰিলে সাম্প্ৰদায়িক সংঘৰ্ষ ব’ব নোৱাৰে৷ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুয়ে এই কথা কৈ গৈছে৷ গুজৰাটত যি সংঘৰ্ষ হৈছিল বা এতিয়া মণিপুৰত যি হৈ আছে, তাৰ আঁৰত যে চৰকাৰ আছে, সেয়া স্পষ্ট৷ অসমত এতিয়া শাসনৰ সৈতে জড়িত একাংশ নেতাই সাম্প্ৰদায়িক উচটনিমূলক বক্তব্য দি থকালৈ চাই শাসকপক্ষৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ অভিসন্ধি থকা যেন ধাৰণা হয়৷ বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে ২০১৪ চনত বিজেপি ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল৷ ২০১৯ চনত পুলৱামাৰ ঘটনা আৰু ছাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে অতি ৰাষ্ট্ৰীয়তাবাদৰ চেতনা জাগ্ৰত কৰি ক্ষমতালৈ আহিছিল৷ সেই ইছ্যুবোৰ এতিয়া অতীত হ’ল৷ ২০২৪ত পুনৰ ক্ষমতালৈ আহিবৰ বাবে বিজেপিৰ ওচৰত একো ইছ্যু নাই৷ গতিকে দেশত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিকে একমাত্ৰ বিকল্প হিচাপে বাছি লৈ অগ্ৰসৰ হৈছে বিজেপি দল৷ তেওঁলোকৰ নেতাসকলে ধাৰাবাহিকভাৱে সাম্প্ৰদায়িক কথা কৈ কৰাৰ কাৰণ এইটোয়েই৷ বিশিষ্ট সাংবাদিক মাইনী মহন্তই মণিপুৰৰ ঘটনাসমূহৰ প্ৰসংগ টানি আনি কয় যে বিজেপিয়ে যি ভাৰতীয়ত্ব আৰু হিন্দুত্বৰ ধাৰণা মানুহৰ ওপৰত জাপি দিব খুজিছে, সেয়া গ্ৰহণযোগ্য নহয়৷ দেশৰ বিভিধতা আৰু ভিন্নতাৰ মাজৰ ঐক্যৰ ধাৰণাক নস্যাৎ কৰি বিজেপ্যযে নিজা কেন্দ্ৰীভূত ধাৰণা বিজেপিয়ে দেশবাসীৰ ওপৰত জাপি দিব খোজাৰ বাবে দেশত অবিশ্বাস আৰু অনান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷ এই পৰিৱেশ আঁতৰাব নোৱাৰিলে দেশৰ ঐক্য-সংহতি বজাই ৰখাটো কঠিন৷ উত্তৰ পূৱ খ্ৰীষ্টান সমাজৰ মুখপাত্ৰ তথা ৰাজ্যিক সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ এলেন ব্ৰুকছে কয় যে তেওঁ অলপতে মণিপুৰ ভ্ৰমণ কৰি আহি এক হতাশাগ্ৰস্ততাৰ মাজত দিন অতিবাহিত কৰিছিল৷ কিন্তু আজি জাতীয় পৰিষদে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ হকে কাম কৰাৰ এই প্ৰয়াস দেখি মনত আশাৰ সঞ্চাৰ হৈছে যে এতিয়াও সকলো শেষ হৈ যোৱা নাই৷দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নাগৰিকসভাখন সঞ্চালনা কৰে৷ তেওঁ কয় যে শাসক দলে তেওঁলোকৰ ৰাষ্ট্ৰীয় নীতিক ফলৱতী কৰাৰ অংশ হিচাপে অসমৰ জাতি মাটি ভেটিৰ বহু ক্ষতি কৰিলে৷ ভাষাৰ অস্তিত্ব বিপন্ন৷ জাতি মাটি ভেটি তেওঁলোকে সুৰক্ষিত কৰিব নোৱাৰিলে৷ এতিয়া ৰাইজৰ ওচৰত যাবলৈ তেওঁলোকৰ ওচৰত একো ইছ্যু নাই৷ বিজেপিৰ এসময়ৰ বৰঘৰৰ মানুহ সত্যপাল মালিকেও এইকেইদিন কে আছে যে নিৰ্বাচন জিকিবলৈ বিজেপিয়ে দেশজুৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব৷ তাৰেই আমি উকমুকনি দেখিছো মঙলদৈত৷ একাংশ মন্ত্ৰী-বিধায়কৰ ৰাজহুৱা বক্তব্যসমূহে সত্যপাল মালিকে কৈ থকা কথাৰ আভাষ দি যায়৷ এনে প্ৰেক্ষাপটত জাতীয় দল হিচাপে অসম জাতীয় পৰিষদে জাতীয় দায়িত্ব হিচাপে বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্য এই নাগৰিক সভাৰ আয়োজন কৰিছে৷ অহা সোমবাৰে দলটোৱে ৰাজ্যজুৰি জিলা সদৰসমূহত একেদৰে নাগৰিক সভাৰ আয়োজনেৰে ৰাইজৰ সজাগ কৰাৰ প্ৰয়াস চলাব৷আজিৰ সভাৰ শেষত সৰ্বসন্মতিক্ৰমে শান্তি-সম্প্ৰীতিৰ হকে প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ প্ৰস্তাৱটোৰ পূৰ্ণ পাঠ এনে ধৰণৰ: “অসম জাতীয় পৰিষদৰ উদ্যোগত গুৱাহাটী মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আজি ৫ আগষ্টত অনুষ্ঠিত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে সাম্প্ৰদায়িকতা অসমৰ, অসমীয়াৰ, অসমবাসীৰ আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হিতৰ পৰিপন্থী৷ অসমে কেতিয়াও সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় দিয়া নাই৷ ই অসমৰ পৰম্পৰা আৰু সংস্কৃতিৰ পৰিপন্থী৷ ৰাজনৈতিক ক্ষমতা লাভৰ বাবে সাম্প্ৰদায়িকতাক এক ৰাজনৈতিক আহিলা ৰূপে ব্যৱহাৰ কৰি ৰাষ্ট্ৰ-ক্ষমতা দখল কৰা শক্তিয়ে সাম্প্ৰদায়িকতাক ক্ষমতাৰ বাহাল থকাৰ বাবে এক আনুষ্ঠানিক ৰূপ দিয়াৰ প্ৰচেষ্টা চলাই আছে – যিটো প্ৰচেষ্টা ভাৰতৰ সংবিধানৰ বিৰোধী৷ অথচ আমাৰ দেশৰ এই সংবিধানে ভাৰতক পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ ৰূপে বিশ্ববাসীৰ আগত গৌৰৱৰ অধিকাৰী কৰিছে৷ কেৱল ক্ষমতা লাভৰ বাবে সাম্প্ৰদায়িকতাক উচটনি দিয়া কাৰ্যক আজিৰ সভাই গৰিহণা দিয়ে৷ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা সকলো প্ৰচেষ্টাৰ বিৰুদ্ধে সকলো সচেতন নাগৰিক সজাগ হৈ থাকি এই সাম্প্ৰদায়িতাক পৰাভূত কৰিবলৈ এই সভাই আহ্বান জনায়৷” প্ৰস্তাৱটোত ডঃ হীৰেন গোহাঁই, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, হাফিজ ৰছিদ আহমেদ চৌধুৰী, হাইদৰ হুছেইন, ডঃ দীনেশ বৈশ্য, নিত্য বৰা, কীৰ্তি কমল ভূঞা, ময়ূৰ বৰা, মাইনী মহন্ত, এলেন ব্ৰুকছ, পৰেশ মালাকাৰ, দেৱেন্দ্ৰনাথ তামুলী, মিৰেল কুদ্দুছ, ডঃ মনোৰমা শৰ্মা, ডঃ জাকিৰ হুছেইন, ব্ৰজেন ডেকা, ভিক্ষু ক্ষমানন্দ, চৰ্দাৰ সুখৱিন্দৰ সিং, লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই চহী কৰে৷