বগৰী- লক্ষী প্ৰসাদ ৰেগন

p.c-twitter

বগৰী

লক্ষী প্ৰসাদ ৰেগন

চাপৰিৰ বালীয়া বগৰীবোৰ হেনো পকীছে
গৰখীয়াই ৰাখিছে খবৰ। আমাকো দিছে এই শুভবাৰ্তা

কেতিয়া পকী উঠিব বেলিটো
কুঁৱলিৰ আৱেষ্টনিৰ মাজত মই শ্ৰীহৰিৰ অপেক্ষাত
ক’ৰ পৰা আহি ওলালহি এই জহনীত যোৱাবোৰ

প্লেট এখনত নিমখ অকণৰ সৈতে দুটামান কেঁচা জলকীয়া
কোমল ৰ’দলৈ পিঠিটো দি বহি আছো
যেন অলপ সময়ৰ পাছতেই আহি পাব পকী উঠা বেলিটো
এটা বালীয়া বগৰীৰ টোপোলা লৈ

এতিয়া মই প্লেটৰ নিমখ আৰু কেঁচা জলকীয়াখিনি
সমুখত ৰাখি
জিভাৰ পানীখিনি টনা আঁজোৰা কৰি আছো

ফোনঃ ৮৪৮৬৭৭৩২০২
মাজুলী