বগা ফুলে আমনি দিয়ে – ছেলিমা বেগম

 বগা ফুলে আমনি দিয়ে 

ছেলিমা বেগম,নগাঁও

আজিও বুকু খন কপি উঠে,
কাৰণ সেই দিনটোত মই
পিতৃ হাৰা হৈছিলোঁ।
পিতাই আনন্দ এখন
ৰাজহুৱা সভাত উপস্থিত আছিল।
চৌপাশে কেৱল মানুহ আৰু
ভদ্ৰলোক উপস্থিত আছিল।
মোৰ পিতৃ আছিল এজন
 ৰাজনৈতিক নেতা ।
সভা খন আৰম্ভ হোৱাৰ
 আগ মূহুৰ্ত এজনী ছোৱালী
ৰাখি আছে সভাৰ কাষত।
সকলো নেতা সকল
মোৰ পিতাক ফুলৰ মালাৰে
সন্মান জনাই আছে।
এনেতে সেই বগা ফুলৰ
মালা লৈ ৰখি থকা ছোৱালী জনী
আহি মালা ডিঙিত সোমাই
 দিবলৈ লওঁতেই
এটা বিকট শব্দ উফ্ঃ !
চাৰিওফালে কেৱল ধোৱা !
পিতাকৰ প্ৰাণ বায়ু উৰি গুচি গ’ল!
বগা ফুলৰ মালা দেখিলে
আজিও বুকু খন কপি উঠে!