বকুল ফুল – জ্যোতিৰ্ময়ী শৰ্ম্মা 

বকুল ফুল
জ্যোতিৰ্ময়ী শৰ্ম্মা 
ঈসৎ বগা ৰঙী দেহৰ আমোল মোলোৱা সুৱাসেৰে
তুমি যেন সৰগৰ কোনোবা অপেছৰী
তোমাৰ মুকুতা খতোৱা লাৱনী আলফুলীয়া দেহ
স্পৰ্শ কৰিবলৈ মোৰ মন উতনুৱা
বহুত দিন হ’ল তোমাক নেদেখা
তল সৰি বগা দলিচা পাৰি ঠোৱা
কোনোৱা নামঘৰ বা স্কুল ঘৰৰ পদূলিত
তোমাৰ সুবাসতেই যে বিভোৰ হৈ
দোক মোকালি পুৱাতেই বুটলি আনো কোঁচ ভৰাই
আবেলি বেলিকা নামঘৰত নাম নোৱা সময়তো
আমাৰ চকু কেৱল তোমাৰ ওপৰতেই
সমনীয়াৰ লগত লগ – লাগি কোনে কিমান নিব পাৰি তাৰে লগাও বাজি
ববচা বনত  মালা ধাৰি গাঁঠি সজাও পঢ়া টেবুলখনি
তোমাৰ সুবাসলৈ পঢ়িলে কিজানি পঢ়া বেচি মনত ৰয় বুলি
কেতিয়াবা সৰস্বতী মাৰ ফটোত মালা গাঁঠি
কেতিয়াবা মৃতকৰ ফটোত সজাই সেৱা জনাওঁ
কেতিয়াবা ছাৰ -বাইদেউক দিবলৈও বেগত লৈ যাওঁ
তোমাৰ দেহ শুকাই গ’লেও তোমাৰ সুবাস ম্লান নাযায়
কেতিয়াবা বহী – কিতাপৰ মাজতো তোমাক সাঁচি থওঁ
শুকাই গ’লেও সুবাস বিচাৰি পাওঁ
তুমি তুমিয়ে হৈ থাকা কেৱল ৰূপৰ সলনি হয়
সেই সুৱাসেই তোমাৰ চিনাকী
নাম তোমাৰ  বকুল বুলি
বহুতদিন হ’ল তোমাৰ সুবাস পোৱা নাই
বহুত দিন হ’ল তোমাৰ মালা গোঠা নাই
আজি আধুনিক নিৰ্মাণে তোমাক গ্ৰাস কৰিলে
তোমাৰ ঠাই বেলেগে ল’লে
তোমাৰ চিন মোকাম নাই
ৰৈ গ’ল তোমাৰ স্মৃতি আমাৰ মানস পতত মাথো!!