বʼহাগী- মিন্টু গোৱলা

Pc Be on the Road
বʼহাগী
মোৰ হেঁপাহৰ বʼহাগী জনী ৰৈ আছে ,
মোৰ বুকুৰ পদূলিত
সেউজী পোছাক পৰিধান কৰি।
মোৰ বুকুৰ মাজত সোমাই পৰিছে,
দেহৰ কোণে, কোণে তেজৰ শিৰে ,শিৰে !
উশাহ হৈ সোমাই আছা ,
মোৰ বুকুৰ মাজত,
নিশাহ হৈ জীয়াই আছা,
 মোৰ চকুৰ পতাত ।
বʼহাগী সুৰে জীয়াই ৰাখিছে মোক !
তোমাৰ সেউজ বনৰ সুষম কোণত
বহি কথা পাতো তোমাৰ লগত
দিনে নিশাই অনবৰতে বুকুৰ মাজত ।
বʼহাগী মোৰ বাবে সদায় পাৰি ৰাখিবা
সেউজীয়াৰ দলিচা
য’ত তুমি আৰু মই
সদায় মনৰ কথা ব্যক্ত কৰিম ।
                  মিন্টু গোৱলা, লখিমপুৰ